ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

Untitled 1 8

Air India:✒️মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ প্ৰভাৱত বিশ্বজুৰি অপৰিশোধিত তেলৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে বিমান ইন্ধনৰ ওপৰত, যাৰ ফলত জেট ফুৱেলৰ দামো দ্ৰুতগতিত বৃদ্ধি পাইছে। এই পৰিস্থিতিতেই বৃহৎ সিদ্ধান্ত লৈছে এয়াৰ ইণ্ডিয়াই।

সংস্থাটোৱে ঘোষণা কৰিছে যে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয়—দুয়োটা ৰুটতে দৈনিক প্ৰায় ১০০খন উড়ান হ্ৰাস কৰা হ’ব।

টাটা গোটৰ অধীনস্থ এই বিমান সংস্থাই জনাইছে, এই সিদ্ধান্তৰ ফলত যাত্ৰীসকলে যি অসুবিধাৰ সন্মুখীন হৈছে, তাৰ বাবে তেওঁলোকে দুখ প্ৰকাশ কৰিছে। পৰ্যায়ক্ৰমে এই উড়ানসমূহ কমোৱা হ’ব আৰু যাত্ৰীৰ বুকিং সেই অনুসৰি সমন্বয় কৰা হ’ব।

টিকটৰ ধন উভতাই দিয়াৰ লগতে প্ৰয়োজন অনুসৰি ফ্লাইট পুনৰ নিৰ্ধাৰণ কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।

ইয়াৰ পূৰ্বে জেট ফুৱেলৰ মূল্যবৃদ্ধিৰ সমস্যাত বিমান সংস্থাসকলে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰস্থ হৈছিল। কিন্তু তাৰ পূৰ্বেই এয়াৰ ইণ্ডিয়াই নিজেই উড়ান কমোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সংস্থাৰ মতে, যাত্ৰীসকলৰ অসুবিধা নোহোৱাকৈ সকলো ব্যৱস্থা সঠিকভাৱে নিয়ন্ত্ৰণ কৰা হ’ব। লগতে বৰ্তমান পৰিস্থিতিত নতুনকৈ ভাড়া বৃদ্ধি নকৰাৰ কথাও স্পষ্টকৈ জনাইছে সংস্থাটোৱে।

সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া কেম্পবেল উইলছন(Campbell Wilson)এ কৰ্মচাৰীক উদ্দেশ্য কৰি দিয়া এক অভ্যন্তৰীণ বাৰ্তাত জনাইছে যে এপ্ৰিল আৰু মে’ মাহত ইতিমধ্যে কিছু উড়ান কমোৱা হৈছে আৰু এই প্ৰক্ৰিয়া আগন্তুক মাহসমূহতো অব্যাহত থাকিব।

তেওঁ কয় যে জেট ফুৱেলৰ ব্যাপক মূল্যবৃদ্ধি, আকাশপথৰ বাধা আৰু দীঘলীয়া পথেদি উৰিবলৈ বাধ্য হোৱাৰ দৰে কাৰণসমূহে বহু আন্তঃৰাষ্ট্ৰীয় উড়ান অলাভজনক কৰি তুলিছে।

তেওঁ আৰু কয় যে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ ভাড়া বৃদ্ধি আৰু ফুৱেল ছাৰচাৰ্জ আৰোপ কৰা হৈছিল, কিন্তু তাৰো সীমা আছে। অধিক ভাড়াই যাত্ৰীৰ চাহিদাত প্ৰভাৱ পেলাইছে আৰু বহু লোক ভ্ৰমণ নকৰাৰ সিদ্ধান্ত লৈছে।

সংস্থাটোৱে জনাইছে যে ইন্ধনৰ মূল্যৰ ওপৰত কিছু নিয়ন্ত্ৰণ থাকিলেও দেশীয় সেৱাতো চাপ পৰিছে। বৰ্তমান পৰিস্থিতি অব্যাহত থাকিলে আগন্তুক জুন আৰু জুলাই মাহত আৰু অধিক উড়ান কমোৱাৰ সম্ভাৱনা আছে বুলি কেম্পবেল উইলছন(Campbell Wilson)এ স্পষ্ট কৰিছে।

Exit mobile version