দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী দীপৰ বিল ধ্বংসত নামিছে ভাৰতীয় বেল বিভাগ। গুৱাহাটী মহানগৰীৰো পৰিৱেশ নির্মল কৰি ৰখাৰ প্ৰতি বৰঙণি আগবঢ়াই অহা প্রকৃতিৰ ৰম্যপুৰী বিলখনৰ দাঁতিৰ দুশ জোপা গছ কাটি পেলোৱাৰ যো-জা চলাইছে ৰেল বিভাগে। দীপৰ বিললৈ অহা বনৰীয়া হাতীৰ প্ৰাণৰক্ষাক অজুহাত দি ৰেল বিভাগে ৪.৭০ কিলোমিটাৰ দৈর্ঘ্যৰ এক এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত এই বৃহৎসংখ্যক গছ কাটি পেলোৱাৰ আঁচনি লৈছে।
ইতিমধ্যে যোৱা ২৪ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিলৰ ভিতৰত চেণ্ডনকে ধৰি ৪০ জোপা মূল্যৱান গছ বন বিভাগৰ সহযোগত ৰেল বিভাগে কাটি পেলালে। স্বাভাবিকতে ইয়াকে লৈ স্থানীয় ৰাইজৰ লগতে প্রকৃতিপ্রেমীসকলৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্রমোদ কলিতাই ক্ষোভেৰে কয় যে ৰেল বিভাগে স্থানীয় ৰাইজৰ দাবীক আওকাণ কৰি গছসমূহ কাটি পেলোৱাৰ পৰিৱৰ্তে সংৰোপণৰ ব্যৱস্থা নকৰিলে।
বিভাগৰ এই কাৰ্যত আশ্চর্য প্রকাশ কৰি কলিতাই লগতে কয়, ‘আমি ৰেল প্রকল্পটোৰ বিৰোধী নহয়। বৰঞ্চ বেলৰ খুন্দাৰ পৰা হাতীকে ধৰি বন্য জীৱ-জন্তুৰ প্ৰাণ ৰক্ষাৰ বাবে দীপৰ বিলৰ অংশখিনিত এলিভেটেড কৰিড’ৰ নিৰ্মাণ কৰাৰ বাবে আমিয়েই দাবী জনাই আহিছো। কিন্তু গছ-গছনি, প্রকৃতি ৰক্ষা কৰিহে এলিভেটেড কৰিড’ৰ নিৰ্মাণ কৰাৰ বাবে আমি বেলবে কর্তৃপক্ষক বহুৱাবৰ দাবী জনাইছিলো। এই সন্দৰ্ভত আমি ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্রণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিলো। আমাৰ পত্ৰৰ ভিত্তিত পৰিৱেশ মন্ত্রণালয়ে নিতান্ত প্রয়োজন হ’লেহে গছ কাটিবলৈ আৰু যিমান পাৰি নকটাকৈ বৈজ্ঞানিক পদ্ধতিৰে সংৰোপণ কৰি উঠাই নি সেই গছ আন ঠাইত ৰোপণ কৰিবলৈ নির্দেশ দিছিল; কিন্তু বাস্তৱত ইয়াৰ বিপৰীত ছবিহে পৰিস্ফুট হৈছে। সংৰোপণ কৰি উঠাই নি আন ঠাইত ৰোপণ কৰাৰ ব্যৱস্থা কৰা নাই বেল আৰু বন বিভাগে।’
আনহাতে, ৰেল বিভাগে দাবী কৰা অনুসৰি, উক্ত প্রকল্প নিৰ্মাণ হ’লে দীপৰ বিলত ৰেলৰ খুন্দাত কোনো দিনে বন্যহস্তীৰ মৃত্যু নহ’ব। উল্লেখ্য যে দীপৰ বিলৰ দাঁতিকাষৰীয়া চকর্দো মাটিয়া অঞ্চলৰ পৰা পুৰণি ডাম্পিং গ্রাউণ্ডৰ সমীপলৈ নিৰ্মাণ হ’ব এই কৰিড’ৰ। ১৯৯১-৯২ত আজাবা-কামাখ্যা বেলপথছোৱা নির্মাণ সম্পূর্ণ হোৱাৰ পথত দীপৰ বিলৰ দাঁতিৰে যোৱা ৰেলপথছোৱাত দুর্ঘটনাৰ বাবে বিভিন্ন সময়ত বন্যহস্তী মৃত্যুমুখত পৰিবলগীয়া হৈছে।
এই বিললৈ দাঁতিকাষৰীয়া ৰাণী আৰু গড়ভঙা বনাঞ্চলৰ পৰা জলকেলি কৰিবলৈ নামি আহে বন্যহস্তীৰ জাক। গতিকে দীপৰ বিল সুৰক্ষা মঞ্চই দীপৰ বিললৈ জলকেলি কৰিবলৈ অহা বন্যহস্তীৰ পথসমূহ সুৰক্ষিত কৰাৰ লগতে উক্ত স্থানেৰে যোৱা ৰেলপথটো ৰেলৱে উৰণ সেতুলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰক পূৰ্বৰে পৰা দাবী জনাই আহিছিল।
অৱশেষত চকর্দো মাটিয়া অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা যোগীঘোপা ৰেলপথটোৰ ৪.৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ২১ ফুট উচ্চতাত এখন ৰেলৱে উৰণ সেতু তথা এলিভেটেডৰ কৰিড’ৰ নিৰ্মাণ কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে কর্তৃপক্ষই শেহতীয়াভাবে দীপৰ বিলৰ দাঁতিত থকা চকৰ্দোত গছ কটা আৰম্ভকৰিছে।
অথচ প্ৰতি বছৰে ডিচেম্বৰ-জানুৱাৰীত এই অঞ্চললৈ দূৰদূৰণিৰ পৰা অনেকে বনভোজ খাবলৈ আহে। ইয়াৰ কাৰণ হৈছে অঞ্চলটোৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ। ৰেল বিভাগে পৰিকল্পনা কৰা অনুসৰি দুশ জোপা গছ কাটি পেলালে প্রাকৃতিক পৰিৱেশো ধ্বংস হোৱাটো নিশ্চিত।
