Lok Bhawan:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ৪ মে’ত গঠনৰ পিছতে ষষ্ঠদশ বিধানসভা গঠনৰ পূৰ্বে বুধবাৰে পুৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযক লোক ভৱনত সাক্ষাৎ কৰে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে ৷ ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া গৰাকীয়ে আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ নৱনিৰ্বাচিত ১২৬ জন বিধায়কৰ তালিকা অৰ্পণ কৰে। ইয়াৰ লগে লগে ৰাজ্যত নতুন চৰকাৰ গঠনৰ কুজকাৱাজ আৰম্ভ হোৱাৰ সমান্তৰালভাৱে ষষ্ঠদশ বিধানসভা গঠনৰ বাট প্ৰশস্ত হয় ৷
