Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:লোকনিৰ্মাণ বিভাগৰ অকর্মণ্যতাৰ স্বাক্ষৰ বহন কৰি আছে নগাঁও-নলতলী বাজ্যিক ঘাইপথৰ তিৰমুণিত থকা এখন অদ্ভুত পকী দলং আৰু ধিং-জাজৰি-বেবেজীয়া সংযোগী পথটোৰ বৰিবজাৰত থকা দুখনকৈ পকী দলঙৰ অসম্পূর্ণ সংযোগী পথে। ধিঙৰ নিকটৱৰ্তী অথচ মৰিগাঁও জিলাৰ অন্তৰ্গত বড়িবজাৰ বজাৰ আৰু বড়িবজাৰ আৰক্ষীৰ পহৰা চকীৰ সমীপতে দুখনকে পকী দলং নিৰ্মাণ কৰা হৈছিল। সেই দুখন দলঙৰ নিৰ্মাণ কার্য সম্পূর্ণ হোৱা প্রায় ১০ বছৰ উকলিল যদিও দলং দুখনৰ সংযোগী পথৰ নিৰ্মাণ কাৰ্য আজি পর্যন্ত সম্পূর্ণ হৈ নুঠিল।
দলং দুখন সম্পূর্ণ হোৱাৰ কেইমাহমানৰ পাছত ইয়াৰ দুয়োপাৰে মাটি পেলাই অলপ শিলগুটি ছটিয়াই দিয়া হয় যদিও পকীৰণহে আজি পর্যন্ত নহ’ল। সম্প্রতি এই দলং দুখনৰ দুই মূৰৰ অংশ অতিশয় বিধ্বস্ত হৈ পৰিছে। প্রকাণ্ড প্রকাও গাঁতৰ সৃষ্টি হৈছে অস্থায়ী সংযোগী পথৰ মাজত। ইয়াৰ দুৰৱস্থাই জীয়াতু ভোগাইছে জনসাধাৰণক। উল্লেখ্য যে আজিৰ পৰা প্রায় ১০ বছৰ পূর্বে লোকনির্মাণ বিভাগে এক বিশেষ আঁচনিৰ অধীনত ঘিওৰ পৰা আহোম গাঁও, টুকটুকী, বড়িবজাৰ, দলংঘাট জাজৰি হৈ চিধা মৰিগাঁও পথত সংযোগ ঘটোবা এই পথটো উন্নীতকৰণৰ লগে লগে এই পথটোত থকা সাতখনকৈ অতি জৰাজীৰ্ণ কাঠৰ দলডৰো পকীকৰণ কৰা হয়।
দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত পথটোৰ পাঁচখনকৈ দলঙৰ সংযোগী পথ সুন্দৰকৈ নিৰ্মাণ কৰিলে যদিও বড়িবজাৰৰ ওচৰৰ দুখনকৈ দলঙৰ সংযোগী পথ নিৰ্মাণৰ নামত চৰম প্ৰহসন কৰা হয়। ধুৰন্ধৰ ঠিকাদাৰে সেই সময়ৰ নগাঁও জিলাৰ লোকনির্মাণ বিভাগৰ একাংশ বিষয়া- কৰ্মচাৰীৰ কৃপাত সংযোগী পথৰ নিৰ্মাণ কার্য সম্পূর্ণ নোহোৱাকৈয়ে সমুদায় আবন্টিত ধন মোকলাই নিবলৈ সক্ষম হয় বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। আনহাতে, ঠিকাদাৰ গোষ্ঠীয়ে প্ৰকাশ কৰা অনুসৰি দলংসমূহৰ সন্মুখ অংশ উন্নয়নৰ বাবে বেলেগে পুঁজি আবন্টন হ’ব লাগে যদিও লোকনির্মাণ বিভাগৰ পৰা প্রয়োজনীয় ধন মোকলাই নিদিয়াৰ বাবেই দলং দুখনৰ সংযোগী পথৰ পৰ্কীকৰণৰ কাম কৰিব পৰা হোৱা নাই।
পূর্বতে নগাঁও লোকনির্মাণ বিভাগৰ অধীনস্থ আৰু মৰিগাঁও জিলা লোকনির্মাণ বিভাগৰ অধীনস্থ। গুৰুত্বপূৰ্ণ পথটোৰ বড়িবজাৰ অঞ্চল অংশখিনি মৰিগাঁও জিলাৰ লোকনির্মাণ বিভাগৰ অন্তর্ভুক্ত হৈছে। কিন্তু সেই অংশক লৈ নগাঁও আৰু মৰিগাঁও লোকনির্মাণ বিভাগৰ মাজত অৰিয়াঅৰি লাগি থাকে। কোনো এখন জিলাৰ সংমণ্ডলেই নির্দিষ্ট অংশটোৰ দায়িত্ব ল’ব নিবিচাৰে। যাৰ ফলত দলং দুখনৰ সংযোগী পথৰ পকীকৰণ আজিও হৈ নুঠিল। উল্লেখ্য যে দলং দুখনৰ দুয়োমূৰৰ অংশৰ অৱস্থা বর্তমান ইমানেই শোচনীয় অৱস্থাত আছে যে যানবাহন চলাচলত ভীষণ সমস্যাই দেখা দিছে। বিশেষকৈ বাৰিষা কালত বোকাময় হৈ পৰা দলং দুখনৰ সংযোগী পথৰ বিধ্বস্ততাৰ বাবেই প্রায়েই দুর্ঘটনা সংঘটিত হয়। এই পথেৰে ওচৰৰ স্কুল-কলেজলৈ আহ-যাহ কৰা ছাত্র-ছাত্রীসকলেও অসম্পূর্ণ বিধ্বস্ত সংযোগী পথৰ বাবেই যমৰ যাতনা ভুগিব লগা হৈছে।
ইপিনে, ৰাজ্যৰ লোকনির্মাণ (গড়কাপ্টানী) বিভাগৰ নগাঁও ৰাজ্যিক পথ সংমণ্ডলৰ অকর্মণ্যতাৰ স্বাক্ষৰ বহন কৰিছে নগাঁও-নলতলী সংযোগী ৰাজ্যিক ঘাইপথৰ এখন অদ্ভুত দলঙে। কিয়নো ৰাজ্যিক ঘাইপথটোৰ তিৰমুনি নামৰ ঠাইডোখৰত এখন পকী দলং আৱশ্যক নথকা সত্ত্বেও প্রায় ১১ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। দলংখনৰ নিৰ্মাণ কার্য কাহানিবাই সম্পূৰ্ণ কৰিছিল যদিও দলংখনৰ দুই মূৰৰ সংযোগী পথ আজিলৈকে নিৰ্মাণ কৰা নহ’ল। ফলত পথটোত মাজতে ওলমি আছে এই অদ্ভুত পকী দলংখনে। লোকনিৰ্মাণ বিভাগে দলংখনৰ দুই মূৰৰ সংযোগী পথ নিৰ্মাণ নকৰাত ভালুকৰ সাঙীতহে পৰিণত হৈছে।
উল্লেখ্য যে গড়কাপ্টানী নগাঁও ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ নগাঁও-লাওখোৱা-নলতলী সংযোগী গড়কাপ্টানী পথটোক ৰাজ্যিক ঘাইপথলৈ উন্নীত কৰি পথটো আটক ধুনীয়াকৈ নির্মাণ কৰা হৈছিল। কে’বা বছৰ পূর্বে নির্মাণ কার্য সম্পূর্ণ হোৱা এই পথটো এতিয়া শোণিতপুৰ জিলা তথা উত্তৰ অসমলৈ বুলি বিকল্প আৰু চমু পথ হিচাপে বিবেচিত হৈছে। কলিয়াবৰ হৈ তেজপুৰ নগৈ অসংখ্য লোকে এই পথটোৰেই এতিয়া আহ-যাহ কৰে। তদুপৰি এই পথেৰেই আহ-যাহ হয় বিখ্যাত বজাৰসমূহ ৰূপহী, লাওখোৱা, আমবাগান, নলতলীৰ লগতে লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ। ফলত নিতৌ শশ বিভিন্ন প্ৰকাৰৰ যানবাহনৰ চলাচল হয় এই ৰাজ্যিক ঘাইপথটোৰে; কিন্তু এই পথটোৰ লাওখোৱা আৰু আমবাগানৰ মাজৰ তিৰমুনিত গড়কাপ্টানী বিভাগে কাহানিবাই নির্মাণ সম্পূর্ণ কৰি তোলা পকী দলংখনৰ দুই মূৰ সংযোগী পথৰহে আজি পর্যন্ত নিৰ্মাণ কৰা নহ’ল।
ফলত বছৰ বছৰ ধৰি নৱনির্মিত দলংখনৰ কাষৰ উপ-পথ এটাৰেহে যাতায়াত অব্যাহত থকা পৰিলক্ষিত হৈছে। এই দলংখনৰ দুই মূৰ সংযোগী পথ নির্মাণ নকৰাটো অতি ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে। ইপিনে, কাহানিবাই নির্মাণ সম্পূর্ণ হোৱা এই পকী দলংখনৰ দুই মূৰ সংযোগী পথৰ নিৰ্মাণ নকৰাত লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা এই দলংখন বগাহাতীতহে পৰিণত হৈছে। সম্প্রতি হাবি জংঘলৰ মাজত থকা দলংখন ৰাইজৰ বাবে কৌতূহলৰ অন্যতম বিষয় হৈ পৰিছে।
