মধুমেহ, হৃদযন্ত্ৰৰ সমস্যা বা স্বাভাৱিকৰ তুলনাত অতি বেছি ওজন জাতীয় সমস্যা থাকিলে ক’ভিডৰ বিপদ বৃদ্ধি পাব পাৰে । এই কথা ইতিমধ্যে বিভিন্ন সমীক্ষাত প্ৰমাণিত হৈছে । অৱশ্যে কিমান পৰিমাণৰ ওজন বৃদ্ধি হ’লে ক’ভিডৰ বিপদ কিমান মাত্ৰাত বাঢ়িব পাৰে, সম্প্ৰতি ইয়াৰ ব্যাখ্যা দাঙি ধৰিলে ইজৰাইলৰ একাংশ গৱেষকে ।
ইজৰাইলৰ ‘চেইম ছেবা মেডিকেল চেণ্টাৰ’ৰ বিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণাত দেখুৱাইছে যে ‘বজী মাছ ইনডেক্স’ বা ‘বিএমআই’ৰ বৃদ্ধিৰ লগতে ক’ভিডৰ সংক্ৰমণৰ আশংকা প্ৰায় ২২ শতাংশ বৃদ্ধি পায় ।
ওজন (কিলোগ্ৰাম এককত)ক উচ্চতা (মিটাৰ এককত)ৰে স্কোৱাৰত ভাগ কৰিলে যি ফল পোৱা যায়, তাকেই বিএমআই বুলি ধৰা হয় । যিসকল লোকৰ বিএমআই ৩০ৰ পৰা ৩৪.৯ৰ ভিতৰত তেওঁলোকক ‘ক্লাছ ৱান অ’বেছিটি’ৰ মাজত ৰখা হয় । এই বিভাগৰ মানুহৰ সংক্ৰমিত হোৱাৰ আশংকা প্ৰায় ২৭ শতাংশ বেছি ।
আনহাতে, যিসকলে ‘ক্লাছ টু অ’বেছিটি’ৰ ভিতৰত পৰিছে (বিএমআই ৩৫ৰ পৰা ৩৯.৯), তেওঁলোকৰ ক্ষেত্ৰত সংক্ৰমিত হোৱাৰ আশংকা বাঢ়ে ৩৮ শতাংশ । ‘ক্লাছ থ্ৰী অ’বেছিটি’ (বিএমআই ৪০ বা তাতকৈ বেছি),ৰ ক্ষেত্ৰত সেয়াই বৃদ্ধি পায় ৮৬ শতাংশলৈ ।
সমীক্ষাত কোৱা হৈছে যে বিএমআইৰ প্ৰতি একক বৃদ্ধিত দুই শতাংশকৈ বাঢ়ে সংক্ৰমিত হোৱাৰ আশংকা । ওজন স্বাভাৱিকৰ তুলনাত অধিক বাঢ়িলে সেয়ে ক’ভিড সংক্ৰমণৰ পাছত জটিলতাৰ আশংকা থাকে ।
কেৱল সেয়া নহয়, ইজৰাইলৰ এই গৱেষকসকলৰ সমীক্ষাৰ পৰা বুজা গৈছে যে মেদ বৃদ্ধিৰ সমান্তৰালকৈ সংক্ৰমণৰ আশংকাও বাঢ়ে । সেয়ে কৰ’না সংক্ৰমণ এৰাবৰ বাবে তেওঁলোকে শৰীৰৰ মেদ কমোৱাৰ পৰামৰ্শ দিছে ।