কৰ’না সংক্রমণৰ ফলত পিতৃ-মাতৃ উভয়কে হেৰুৱাই অনাথ হোৱা শিশুসকলক বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰিব কেন্দ্ৰীয় বিদ্যালয় সংগঠন (কে ভি এছ)-এ ।
ADVERTISEMENT
এই সন্দৰ্ভত দেশৰ সকলো কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষলৈ নিৰ্দেশনা প্ৰেৰণ কৰি কে ভি এছে কৈছে যে কৰ’নাত অনাথ হোৱা শিশুসকলক কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়াকৈ শিক্ষাগ্ৰহণৰ সুবিধা প্ৰদান কৰা হ’ব ।
অনাথ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰধানমন্ত্ৰী কেয়াৰ ফৰ চিলড্ৰেন আঁচনিৰ অধীনত কৰা হ’ব । এখন বিদ্যালয়ৰ প্ৰতিটো শ্ৰেনীত দুজনকৈ ক’ভিডত অনাথ শিশুক বিনামূল্যে নামভৰ্তিৰ সুবিধা দিয়া হ’ব ।