STATE GOVT ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুযায়ী চৰকাৰী বিভাগ সমূহ নিকা কৰাৰ উদ্দেশ্যে চলাই থকা চাফাই অভিযানত আজি পুনৰ দুজন ঘোচখোৰ কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে । উৎকোচ লৈ থকাৰ সময়তে বন বিভাগৰ এই দুই কৰ্মচাৰী হাতে-লোটে ধৰা পৰে । কঠোৰ চৰকাৰী অভিযানকো অংগুষ্ঠ প্ৰদৰ্শন কৰি গোসাইগাঁৱ বন বিভাগৰ এই দুই কৰ্মচাৰী ক্ৰমে কামিন নাৰ্জাৰী আৰু প্ৰবীণ ব্ৰক্ষ্মই উৎকোচ লৈ থকা সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় ।
ইফালে ধাৰাবাহিকভাৱে বিগত কিছুদিনত ৰাজ্যত ইজনৰ পিছত সিজনকৈ ঘোচখোৰ বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ ফান্দত পৰা পৰিলক্ষিত হৈছে । সকলো সময়তে অভিযান চলি থকাৰ মাজতো কেৰেপ নকৰা একাংশ অসৎ চৰকাৰী কৰ্মচাৰীৰ এনে কু-কাৰ্যই এতিয়া সাধাৰণ জনতাৰ চকু কপালত তুলিছে ।