STATE GOVT ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ ২৬,০০০ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেন-দেনৰ অভিযোগ তুলি কৰা টুইটক কেন্দ্ৰ কৰি ভিক্টৰ দাস নামৰ যুৱকজনক আজি পাণবজাৰ আৰক্ষীয়ে আটক কৰি জেৰা আৰম্ভ কৰিছে । খবৰ অনুসৰি যুৱকজনক থানাৰ পৰিৱৰ্তে অন্য কোনো গোপন স্থানত জেৰা চলাইছে । যুৱকজনে চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াক লৈ অভিযোগ কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক উদ্দেশ্যি টুইট কৰিছিল ।
উল্লেখযোগ্য যে, চাকৰিৰ নামত তিনিৰ পৰা আঠ লাখ টকা সংগ্ৰহ কৰা বুলি অভিযোগ অনা যুৱকজনে এই নিযুক্তি কেলেংকাৰীত কেইবাজনো প্ৰাক্তন বিধায়ক জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছে । ইফালে ঘটনা সন্দৰ্ভত যুৱকজনে কয় যে, তেওঁ কেতিয়াও ভাগৰা নাই আৰু হাতত থকা সকলো তথ্য-প্ৰমাণ আৰক্ষী-প্ৰশাসনক প্ৰদান কৰিব ।