Kadamoni Beel :
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ গেলাদিচাং গাঁৱত অৱস্থিত কদমনি বিল বৰ্তমান সকলোৰে আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । বৰ্তমান বিলখনত বিশেষকৈ বিলুপ্তিৰ দিশে গতি কৰা কাম চৰাইৰ লগতে, দেওহাঁহ, বৰটোকোলা, শৰালী হাঁহৰ উপৰিও বিভিন্ন প্ৰজাতিৰ চিনাকী অচিনাকী পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায় ।
মনোমোহা বিভিন্ন প্ৰজাতিৰ চৰাইসমূহৰ কোলাহলে বিলখনত এক সুন্দৰ নান্দনিক পৰিৱেশ বিৰাজ কৰিছে । সেয়ে মনোমোহা পৰিৱেশ উপভোগ কৰিবলৈ নিতৌ স্হানীয় ৰাইজৰ উপৰি দূৰ-দূৰণীৰ লোকেও ভিৰ কৰা পৰিলক্ষিত হৈছে ।
বিলখনত বিচৰণ কৰা উক্ত চৰাইবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে ইতিমধ্যে স্থানীয় সচেতন যুৱকসকল একত্ৰিত হৈ এখন সমিতি গঠন কৰি ইয়াৰ সুৰক্ষা প্ৰদান কৰি আহিছে । কোনো লোকে বিলৰ চৰাই আদি নিধন কৰিলে পাঁচ হেজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ।
বিলখন পক্ষী উদ্যান হিচাপে গঢ়ি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক স্থানীয় লোকে দাবী জনাইছে ।