পুনৰ গ্ৰেপ্তাৰ হ’ল ইৰাণী গ্ৰুপৰ দুজন দুৰ্ধৰ্ষ সদস্য। বৰপেটা জিলাৰ আৰক্ষীৰ সহযোগত সৰভোগৰ পৰা যোৱা নিশা আত্মগোপন কৰি থকা সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইৰানী গ্ৰুপৰ দুই সদস্য ক্ৰমে কোচবিহাৰৰ বন্তি সিং( ৪০)আৰু শুভম গোৱালা(৩৯) বুলি চিনাক্ত কৰা হৈছে ।যোৱা দুই মাৰ্চত মহানগৰীৰ ছয়মাইলৰ পথ বিভাজকৰ পৰা ৪.৫০ লাখ টকাৰ বেগ কাঢ়ি নিয়া সন্দৰ্ভত সীমান্ত সুৰক্ষা বাহিনীৰ ১৭৪নম্বৰ বেটেলিয়নৰ জোৱান খনীন্দ্ৰী চৌধুৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তীত দিছপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ৩৯২ ধাৰাত ৰুজু কৰা ৬৫৪/২০১৯নম্বৰ গোছৰত ইৰানী গ্ৰুপৰ সদস্য দুজনক গ্ৰেপ্তাৰ কৰে। মহানগৰ আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে বিগত কিছুদিনৰ পৰা মহানগৰীত সক্ৰিয় হৈ উঠিছে ইৰানী গ্ৰুপৰ দুৰ্ধৰ্ষ সদস্য দল। বিহাৰ পশ্চিম বংগকে ধৰি বহি:ৰাজ্যৰ পৰা অহা এপ্ৰিলত দলটোৱে ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ পৰিছে । যোৱা সাত মাৰ্চত মহানগৰীৰ মালিগাওঁ স্হিত সঞ্জীৱনী হাস্পাতালৰ সমীপস্থ প্ৰেট্ৰ’ল পাম্পত ডকাইতিৰ অপচেষ্টা চলাই জালত পৰা ইৰানী গ্ৰুপৰ অন্যতম সদস্য ৰাজ যাদৱৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশা সৰভোগস্হ বৰপেটা জিলাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জনায়।
ছয়মাইলৰ পৰা 4.50 লাখ লুটৰ ঘটনা
-
By admin
Related Content
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
By
publisher
April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
By
publisher
April 27, 2026
বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন
By
publisher
April 27, 2026
গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত
By
publisher
April 27, 2026
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
By
publisher
April 27, 2026