সম্প্ৰতি ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ সাংবাদিকৰ নৈশভোজৰ অনুষ্ঠানত গুলিবর্ষণ কৰি বিঘিনি সৃষ্টি কৰা বন্দুকধাৰীজন এজন প্রযুক্তিবিদ। তীক্ষ্ণ বুদ্ধিমত্তাৰ গৰাকী ক’ল টমাছ এলেন নামৰ এই বন্দুকধাৰীজন মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰো সভ্য।
অনলাইনৰ প্ৰফাইলত তেওঁ উল্লেখ কৰা অনুসৰি ২০১৭ত তেওঁ বিশ্বৰে অন্যতম অগ্রণী প্রযুক্তিবিদ্যা প্রতিষ্ঠান কেলিফ’র্ণিয়া ইনষ্টিটিউট অব টেকন’লজীৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্রী গ্রহণ কাণ্ড সংঘটিত কৰে। তেওঁ চি-২ এডুকেচন শীর্ষক এটা শিক্ষা সম্বন্ধীয় কাউন্সেলিং প্ৰতিষ্ঠানৰ স’তেও অংশকালীন শিক্ষকৰূপে জড়িত চি-২ এডুকেচনে ২০২৪ত মাহটোৰ শিক্ষক বঁটাৰূপে সন্মানিত কৰিছিল। ইয়াৰ পূৰ্বে ২০১৪ত তেওঁ নাছাৰ উপগ্রহ উৎক্ষেপণ পৰীক্ষাগাৰত এক গ্রীষ্মকালীন প্রাক স্নাতক গৱেষণা ফেল’শ্বিপ লাভ কৰিছিল।
প্ৰখৰ বুদ্ধিমত্তাৰ গৰাকী ক’ল ভিডিঅ’ গেম প্ৰস্তুতৰ স’তেও জড়িত। তেওঁ আণৱিক ৰসায়ন বিজ্ঞানক ভিত্তি কৰি ভিডিঅ’ গেম তৈয়াৰ কৰে। ‘ব’ৰডম’ আৰু ‘ফার্স্ট ল’ৰ লেখীয়া ভিডিঅ’ গেম তেওঁ তৈয়াৰ কৰি আহিছে। আনহাতে দেশখনৰ ২০২৪ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেম’ক্রেট প্রার্থী কমলা হেৰিছৰ সমৰ্থনত গঠিত হোৱা দলৰ ৰাজনৈতিক কাৰ্য সমিতিলৈ ক’লে ২৫ ডলাৰৰ বৰঙণি আগবঢ়োৱাৰ তথ্যও পোহৰলৈ আহিছে।
ক’লৰ বিৰুদ্ধে দুটা অপৰাধৰ গোচৰ ৰুজু হ’ব বুলি কলম্বিয়া জিলাৰ অধিবক্তা জে পিৰ’ই সদৰী কৰিছে। অধিবক্তাজনে প্রকাশ কৰা অনুসৰি হিংসাৰ অপৰাধৰ সময়ত আগ্নেয়াস্ত্ৰ ব্যৱহাৰ আৰু বিপজ্জনক অস্ত্ৰৰে এজন যুক্তৰাষ্ট্ৰীয় বিষয়াক আঘাত হনা এই দুটা গোচৰ ক’লৰ বিৰুদ্ধে ৰুজু হ’ব। সোমবাৰে তেওঁক আদালতত হাজিৰ কৰা হ’ব বুলিও অধিবক্তা পিৰ’ই প্রকাশ কৰিছে।
এই সম্পৰ্কত এফবিআই সঞ্চালক কাশ পেটেলে কয় যে অভিযুক্তজনৰ অতীত সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰখা হৈছে। ‘আমি এই ব্যক্তিজনৰ পৃষ্ঠভূমি তন্ন তন্নকৈ পৰীক্ষা কৰিম। এই প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে। আমি সকলো সাক্ষ্য তাৎক্ষণিকভাৱে বিশ্লেষণ কৰি নিশ্চিত কৰিম যে আমি এই দেশক সুৰক্ষা দি আছো।’ তেওঁ এইদৰে কয়।
অৱশ্যে এক চর্চা অনুসৰি এফবিআই মুৰব্বী পেটেল পদবীৰ পৰা শীঘ্ৰে অপসাৰিত হোৱাৰ সম্ভাৱনা আছে।






























