বিগত তিনি বছৰতে এইবাৰকে ধৰি চাৰিবাৰ আক্ৰমণ আৰু সম্ভাব্য আক্রমণত প্রাণ হেৰুওৱাৰ পৰা ৰক্ষা পৰে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। যোৱা নিশাৰ ৰাজকীয় অনুষ্ঠানত এজন বন্দুকধাৰীয়ে গুলিবর্ষণ কৰাৰ পাছত ট্রাম্পে এই শিহৰণকাৰী ঘটনাক লৈ প্রতিক্রিয়া প্রকাশ কৰে।
বন্দুকধাৰীজনৰ আকস্মিক আক্রমণক লৈ দুঘণ্টা ধৰি অনুষ্ঠানস্থলীত উত্তেজনা বিৰাজ কৰি থকাৰ পাছত ট্রাম্পক তেওঁ কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে সেই সম্পর্কত সাংবাদিকে প্রশ্ন কৰে।
সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰ দি ৰাষ্ট্ৰপতিজনে কয়, ‘আপোনালোকে জানে যে মই হত্যাকাণ্ডসমূহৰ অধ্যয়ন কৰিছো। মই আপোনালোকক ক’বই লাগিব যে সবাতোকৈ প্রভার সৃষ্টি কৰা লোকসকল এনে পৰিস্থিতিৰ সম্মুখীন হয়। আপোনালোকে আব্রাহাম লিংকনৰ কথা ক’ব পাৰে। সবাতোকৈ বৃহৎ প্রভাৱ সৃষ্টিকাৰীসকলৰ পিছ মানুহে লয়।’
তেওঁৰ শাসনত দেশখনৰ বৃহৎ পৰিৱৰ্তন সাধন হৈছে বুলিও ট্রাম্পে দাবী কৰে। ৰাষ্ট্ৰপতিজনে কয়, ‘আমি এই দেশক সলনি কৰিছো আৰু ইয়াক লৈ সুখী নোহোৱা অগণন মানুহ আছে। গতিকে মই ভাবো যে এইটোৱে হৈছে আপোনাৰ (সাংবাদিক) প্ৰশ্নৰ উত্তৰ।’
উল্লেখ্য যে বিগত মার্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ২০২৪ৰ জুলাইত পেনছিলভেনিয়াত এজনীয়া বন্দুকধাৰীৰ এক ভয়াৱহ আক্রমণত কথমপি প্ৰাণ ৰক্ষা পৰে ট্রাম্পৰ। বন্দুকধাৰীৰ গুলিয়ে তেওঁৰ এখন কাণ ভেদ কৰিছিল। তাৰ পাছতে উক্ত বছৰৰে ছেপ্টেম্বৰত ট্রাম্পক হত্যাৰ চেষ্টা চলাই এজন লোক জালত পৰে। এই লোকজনে ফ্ল’ৰিডাৰ ৰেষ্টপাম বীচ্চত ট্রাম্পক হত্যাৰ লক্ষ্য লৈছিল।
উক্ত বীচ্চলৈ ট্রাম্পে গ’ল্ফ খেলিবলৈ যায়। এই গ’ল্ফ ক’ৰ্চৰ ওচৰতে ষড়যন্ত্রকাৰীজনে আত্মগোপন কৰি আছিল। আত্মগোপন কৰি থকা অৱস্থাতে তেওঁক মার্কিন গুপ্তসেৱাৰ এজেন্টে ধৰা পেলোৱাত ট্রাম্পৰ জীৱন ৰক্ষা পৰে। তাৰ পাছতে যোৱা ফেব্ৰুৱাৰীত ট্রাম্পৰ ফ্ল’ৰিডাস্থিত মাৰ-আ-লাগ ৰিজ’ৰ্টত আস্টিন টাকাৰ মার্টিন নামৰ এজন ২১ বছৰীয়া বন্দুকধাৰীয়ে প্ৰৱেশ কৰোতে নিৰাপত্তাৰক্ষীয়ে গুলীয়াই ধৰাশায়ী কৰে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৰিজ’ৰ্টত ট্রাম্প উপস্থিত নাছিল। গতিকে ২০২৪ৰ জুলাইৰ পৰা বৰ্তমানলৈ ট্রাম্প চাৰিবাৰকৈ ষড়যন্ত্রকাৰীৰ লক্ষ্যত পৰিণত হৈছে।































