Indigo:✒️ইণ্ডিগোৰ কৰ্মচাৰীয়ে কামৰ সময়ত কপালত তিলক লগাব নোৱাৰিব। এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। ইন্ডিগোক বৰ্জনৰো দাবী উঠিছে। ইন্ডিগোৰ গ্রুমিং পলিচিক কেন্দ্র কৰি সামাজিক মাধ্যমত প্রবল ক্ষোভৰ সৃষ্টি হৈছে।
ইয়াৰ আগতে ‘লেন্সকার্ট’ক কেন্দ্ৰ কৰি অনুৰূপ অভিযোগ উঠিছিল। হিজাব, পাগুৰি আদিক লৈ আপত্তি জনাইছিল লেন্সকার্টে। অৱশ্যে প্ৰচুৰ বিতৰ্ক হোৱাত সংস্থাটোৰ বিষয়া পীযূষ বানচালে ক্ষমা বিচাৰিছিল। সকলোম ধৰ্মৰ প্রতীকক সমান মর্যাদা দিয়া হ’ব বুলিও তেওঁ স্পষ্ট কৰিছিল।
এতিয়া প্রশ্ন উঠিছে যে কৰ্প’ৰেট কোম্পানীসমূহে ‘পেছাদাৰিত্ব’ৰ নামত লাহে লাহে ধর্মীয় বিষয়, মানুহৰ স্বাভাৱিক বিশ্বাসত হস্তক্ষেপ কৰিছে নেকি? একাংশই দাবী কৰিছে যে এয়া কেৱল ড্রেছ কোড নহয়, বৰঞ্চ ব্যক্তিগত ধর্মীয় স্বাধীনতাত হস্তক্ষেপ কৰা হৈছে।
সামাজিক মাধ্যমত সম্প্রতি ‘তিলক বনাম কলছ’ বিতৰ্ক আৰম্ভহৈছে। এদল মানুহে ধাৰণা কৰিছে যে কর্মক্ষেত্রত নির্দিষ্ট ড্রেছ কোড থকাটো জৰুৰী। বিশেষকৈ বিমান সংস্থাৰ দৰে স্থানত কামৰ পোছাক, সংস্থাৰ ভাৱমূর্তি গুৰুত্বপূর্ণ। সেয়ে নির্দিষ্ট ড্রেছ কোড থকাটো বাধ্যতামূলক।
আনহাতে, আন এক অংশৰ মতে, ব্যক্তিগত বিশ্বাস বা ধর্মীয় বিশ্বাসত হস্তক্ষেপ কৰাটো ঠিক নহয়। একাংশ বিশেষজ্ঞৰ মতে, এই ধৰণৰ গ্রুমিং নীতি প্রায়েই আন্তর্জাতিক মান বজাই ৰখা, নিৰাপত্তা আৰু একপ্ৰকাৰৰ পেছাদাৰী চেহেৰা সৃষ্টিৰ বাবে কৰা হয়।
অৱশ্যে সমস্যাৰ সৃষ্টি হয় তেতিয়াই, যেতিয়া এই নিয়মবোৰে সাংস্কৃতিক সংবেদনশীলতাৰ স’তে সংঘাতত জড়িত হৈ পৰে।
এই ঘটনাই স্পষ্ট কৰি দিছে যে আধুনিক কর্মক্ষেত্রত এক সূক্ষ্ম ভাৰসাম্যৰ প্ৰয়োজন- এফালে, কোম্পানীৰ নিয়ম আৰু পেছাদাৰিত্ব, আনফালে, ব্যক্তিগত পৰিচয় আৰু ধর্মীয় স্বাধীনতা। ‘ইণ্ডিগো’ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিতর্কই কেরল এটা সংস্থাৰ নীতিৰ প্ৰশ্ন নহয়; বৰঞ্চ বৃহত্তৰ সমাজত পৰিচয়, সংস্কৃতি আৰু পেছাদাৰিত্বৰ সম্পৰ্কক লৈ এক গুৰুত্বপূৰ্ণ আলোচনাৰ দুৱাৰ মুকলি কৰি দিছে।






























