পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণক লৈ নজিৰবিহীন ৰণচালি দিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক অস্বস্তিত পেলালে আৰএছএছ-বিজেপি উভয়তে প্রভাৱশালী নেতা ৰাম মাধৱে।
পূর্বে অসম আৰু জম্মু-কাশ্মীৰত এনডিএৰ প্ৰথম চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰাম মাধৱে অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰত এক অনুষ্ঠানত দিয়া ভাষণত ইংগিত দিয়ে যে দেশৰ মূল স্বার্থজড়িত বিষয়সমূহত প্রধানমন্ত্রী মোদীয়ে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ওচৰত শিৰনত কৰিছে।
হাটছন ইনষ্টিটিউটত আয়োজিত এই অনুষ্ঠানত মাধৱে কয়, ‘ভাৰতে ইৰানৰ পৰা তেল ক্রয় বন্ধ কৰিবলৈ সম্মতি প্রকাশ কৰিছিল। আমাৰ বিৰোধীৰ কঠোৰ সমালোচনা সত্ত্বেও আমি ৰাছিয়াৰ পৰা তেল ক্রয় বন্ধ কৰিলো। বিশেষ একো নোকোৱাকৈ ট্রাম্পে জাপি দিয়া ৫০ শতাংশ শুল্কও মানি ল’লো। আমেৰিকাৰ স’তে ভাৰতে বহু কাম ক’ত কৰা নাই?’
অনুষ্ঠানত প্রাক্তন মার্কিন কূটনীতিক এলিজাবেথ থ্রেলকেল্ড আৰু প্রাক্তন মার্কিন বৈদেশিক দপ্তৰৰ উপ-সচিব কার্ড কেম্বেলো উপস্থিত আছিল। গতিকে এনে এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত জ্যেষ্ঠ বিজেপি নেতাজনে কৰা মন্তব্যই স্বাভাৱিকতে দেশে-বিদেশে গুৰুত্ব লাভ কৰে। স্বাভাৱিকতে ভাৰতত বিৰোধীয়ে হাত সাবটি নাথাকিল।
উল্লেখ্য যে ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা ৫০ শতাংশ শুল্ক, ৰাছিয়া আৰু ইৰানৰ পৰা তেল ক্রয় নকৰিবলৈ ট্রাম্প প্রশাসনে দিয়া নির্দেশ সম্পর্কত প্রধানমন্ত্রী মোদীয়ে টু এটা শব্দ নকৰাৰ বাবে প্রধানমন্ত্রী মোদীয়ে মার্কিন ৰাষ্ট্ৰপতিৰ ওচৰত আত্মসমর্পণ কৰা বুলি বিৰোধী কংগ্ৰেছে উত্থাপন কৰি আহিছিল।
এনে অৱস্থাতে স্বয়ং বিজেপিৰে এজন জ্যেষ্ঠ নেতাই বিৰোধীৰ সুৰতে সুৰ মিলাই বক্তব্য আগবঢ়োৱাটোরে মোদী-শ্বাহৰ অস্বস্তি বৃদ্ধি কৰাৰ বিপৰীতে দেশত ব্যাপক চর্চা অৰ্জন কৰিছে। অৱশ্যে তেওঁৰ এই মন্তব্যই দেশত আলোড়ন তোলাৰ পাছত পৰিস্থিতি চম্ভালি ল’বলৈ মাধরে ক্ষমাও বিচাৰিছে। অৱশ্যে তেওঁ ক্ষমা বিচৰা কথাটোতকৈ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূমিত কৰা মন্তব্যইহে ব্যাপক চর্চা অৰ্জন কৰিছে। পূৰ্বৰে পৰা মোদীক তীক্ষ্ণ ভাষাৰে আক্ৰমণ কৰি অহা বিৰোধী নেতা ৰাহুলৰ আক্ৰমণৰ চোক স্বাভাৱিকতে সম্প্রতি অধিক বৃদ্ধি পাইছে।
বিজেপি নেতাজনৰ ভাষ্যৰ আঁত ধৰি ৰাহুলে আৰএছএছকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে। বিজেপিৰ অভিভাৱক সংগঠনটোলৈ শেল এৰি লোকসভাৰ বিৰোধী দলপতিজনে সামাজিক মাধ্যমত কয়, ‘আৰএছএছ ৰাষ্ট্ৰীয় চাৰেণ্ডাৰ সংঘত পৰিণত হৈছে। আৰএছএছৰ ভুৱা ৰাষ্ট্ৰীয়তাবাদ আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতি দাসত্বৰ প্রকৃতিক ৰাম মাধৱে উন্মোচন কৰিলে। নাগপুৰত ভূৱা ৰাষ্ট্ৰীয়তাবাদ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বিশুদ্ধ দাসত্ব। ৰাম মাধবে কেৱল সংঘৰ সঁচা প্রকৃতিহে উন্মোচন কৰিলে।’
একেদৰে বিহাৰৰ বাঁওপন্থী নেতা দীপাংকৰ ভট্টাচার্যই ফেচবুকত এটা প’ষ্টত কয়, ‘মোদী চৰকাৰে কেনেদৰে ট্রাম্প প্রশাসনৰ ওচৰত আঁঠু ল’লে সেয়া আৰএছএছৰ মাৰ্গদর্শক ৰাম মাধবে উন্মোচন কৰিলে। ট্রাম্পে ভাৰতক নৰকৰ গাঁত আৰু ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক লেপটপ লোৱা গুণ্ডা আখ্যা দিছে। মোদী চৰকাৰে কেনেদৰে শিৰনত কৰিলে সেয়া মাধৱে ব্যাখ্যা কৰিলে। বিজেপিয়ে আকৌ ৰাষ্ট্ৰীয়তাবাদ ব্যাখ্যা কৰিলে আপুনি এই জুমলাৰ আঁৰৰ সত্যটো মনত পেলাব। তেওঁলোকে ১৯৪৭ৰ পূৰ্বে ব্রিটিছ ঔপনিবেশিক শাসকৰ স’তে সহযোগিতা কৰিছিল আৰু এতিয়া মার্কিন সাম্রাজ্যবাদক তুষ্টি কৰি আছে।’
একেদৰে কংগ্ৰেছে কয়, ‘ট্রাম্পে ভাৰতক নৰকৰ গাঁত আখ্যা দিয়াৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰীয়ে একো কোৱা নাই। মোদী আৰু তেওঁৰ চৰকাৰৰ আত্মসমর্পণৰ কাহিনী ৰাম মাধৱে ক’লে।’
বিৰোধীৰ এনেদৰে আক্ৰমণৰ চোক বৃদ্ধি পোৱাৰ সময়তে মাধবে এই মন্তব্যৰ বাবে ক্ষমা বিচাৰি সামাজিক মাধ্যমত প’ষ্ট দিয়ে। তেওঁ কয়, ‘মই যি ক’লো সেয়া ভুল আছিল। ৰাছিয়াৰ পৰা তেল ক্রয় বন্ধ কৰিব বুলি ভাবতে সম্মতি প্ৰকাশ কৰা নাছিল। ভাৰতে ৫০ শতাংশ শুল্কৰো বিৰোধিতা কৰিছিল। মই এটা সীমিত প্ৰত্যুত্তৰ দিবলৈহে চেষ্টা কৰিছিলো। কিন্তু তথ্যগতভাবে ভুল হ’ল। গতিকে মই ক্ষমা বিচাৰিছো।’






























