নিৰ্ব্বাচনত ধনৰ অবাধ ব্যৱহাৰ ৰোধ কৰাৰ বাবে দেশৰ নিৰ্ব্বাচন আয়োগে কঠোৰ নীতি -নিয়ম বলবৎ কৰি আহিছে । ইয়াৰ ব্যতিক্ৰম এইবাৰো হোৱা নাই। কিন্তু আয়োগৰ তেনে নিৰ্দেশৰ মাজতো সুৰুঙা উলিয়াই ৰাজনৈতিক দল আৰু একাংশ প্ৰাৰ্থীয়ে প্ৰচাৰৰ নামত ধনৰ নৈ বোৱাই দিয়ে। এইবাৰো যে তাৰ ব্যতিক্ৰম নহ’ব সেই ইংগিত ইতিমধ্যে দলবোৰৰ তৎপৰতাত স্পষ্ট হৈছে । ব্যয়বহুল নিৰ্ব্বাচনৰ অন্যতম উদাহৰণ হল হেলিকপ্টাৰেৰে নিৰৱচ্ছিন্নভাৱে চলোৱা প্ৰচাৰ কাৰ্য। কিয়নো ঘণ্টাৰ হিচাপত হেলিকপ্টাৰৰ ভাড়া নিৰ্ধাৰণ হয়। চাহিদাৰ ভিত্তিৰ সময়ত ভাড়াৰ মাত্ৰাও অকল্পনীয়ভাৱে বৃদ্ধি পায়। কিন্তু তেনে বিশাল ব্যয়কো একাষৰীয়াকৈ থৈ সমাগত নিৰ্বাচনটোত ৰাজপথত নিৰৱচ্ছিন্নভাৱে চলা বাছৰ দৰে আকাশত হেলিকপ্টাৰৰ উৰুৱালৈ সাঁজু হৈছে অধিকাংশ ৰাজনৈতিক দল ।ইয়াৰ ব্যতিক্ৰম হোৱা নাই অসমতো। ৰাজ্যৰ দুই মূল প্ৰতিদ্বন্দী দল বিজেপি আৰু কংগ্ৰেছে উঠুৱাবলৈ সাঁজু হৈছে ইখনৰ পাছত সিখন হেলিকপ্টাৰ।