বহি:ৰাজ্যৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত যাতে ৰাজ্যৰ ছাত্ৰ -ছাত্ৰীসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়; তাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰ আগতীয়াকৈ ঘোষণা কৰা হব চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কেউটা শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । অহা 20 মে’ৰ ভিতৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিকৰ কেউটা শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে ইতিমধ্যে লক্ষ্য স্হিৰ কৰা হৈছে । এই মন্তব্য অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড• দয়ানন্দ বৰগোহাঞি ।আজি ইয়াত এক সংবাদমেলত এই কথা অৱগত কৰি ড• বৰগোহাঞিয়ে কয়,’বিভিন্ন খেলিমেলিৰ বাবে পূৰ্বতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাত কিছু বিলম্ব হৈছিল, যাৰ বাবে বহি:ৰাজ্যৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ বহু সংখ্যক ছাত্ৰ -ছাত্ৰীয়ে অসুবিধা সন্মুখীন হোৱাৰ নজিৰ আছে । ছাত্ৰ -ছাত্ৰীসকলে সন্মুখীন হৈ অহা এনে ধৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কেউটা শাখাৰ চূড়ান্ত ফলাফল অহা 20 ভিতৰত ঘোষণা কৰাৰ বাবে লক্ষ্য স্হিৰ কৰা হৈছে । ইয়াৰ বাবে সমগ্ৰ ৰাজ্যত বহি নিৰীক্ষণৰ বাবে 47 টা মণ্ডলত বিভক্ত কৰা হৈছে ।
20 মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ ফলাফল
-
By admin
- Categories: Education, News
- Tags: AssamHigher Secondary Education Council
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026