Guwahati Press Club:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আন্তঃসংবাদ মাধ্যম পাঞ্জা প্ৰতিযোগিতাৰ পৰিল সফল সমাপ্তি। প্ৰায় শতাধিক সাংবাদিক, সংবাদকৰ্মীৰ অংশগ্ৰহণৰে অনুষ্ঠিত প্ৰথম বাৰ্ষিক পাঞ্জা প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলা উভয়তে তিনিটাকৈ শাখাত অনুষ্ঠিত হয়। ৫৯ কেজিৰ অনুৰ্ধ, ৬০-৭৯ কেজি আৰু ৮০ কেজিৰ উৰ্দ্ধৰ খেলুৱৈয়ে তিনিটা শাখাত প্ৰতিদ্বন্দিতা আগবঢ়ায়। দিনজোৰা খেলৰ অন্তত অনুষ্ঠিত হয় বঁটা বিতৰণী তথা সামৰণি অনুষ্ঠান।
বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক পাঞ্জা সন্থাৰ সভাপতি কৈলাশ শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, নিলয় ভট্টাচাৰ্য্য, অনুপম চক্ৰৱৰ্তীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি। সামৰণি সভাখনিত সভাপতিত্ব কৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি খগেন কলিতাই। তিনিটা শাখাত পুৰুষ-মহিলাৰ প্ৰতিযোগীৰ মুঠ ১২ গৰাকী স্থানপ্ৰাপকক একোটা ট্রফি, মেডেল আৰু একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উক্ত বঁটা প্ৰদান অনুষ্ঠানখনি আঁত ধৰে জিপিচিৰ ক্ৰীড়া সাংবাদিক দীপাংকৰ দাসে। অনুষ্ঠানৰ শেষত কৃতজ্ঞতা তথা শলাগৰ শৰাই আগবঢ়াই জিপিচিৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই।






























