দৌলযাত্ৰা মহোৎসৱ উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিছে দ্বিতীয় বৈকুণ্ঠধাম শ্ৰী শ্ৰী বটদ্ৰৱা থান। এতিয়া মাথো ভক্তিৰসৰ নিজৰা বৈছে পবিত্ৰ ভূমি বটদ্ৰৱাৰ আকাশে-বতাহে । অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মস্হান শ্ৰী শ্ৰী বটদ্ৰৱা থানত উদযাপিত শ্ৰী শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ দ্বিতীয় দিনটোত লক্ষাধিক ভক্ত প্ৰাণ ৰাইজৰ সমাগম ঘটে।আজি তৃতীয় দিনাও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বটদ্ৰৱালৈ সোঁত বৈছে ভক্তপ্ৰাণ ৰাইজ তথা তীৰ্থযাত্ৰীৰ। নিজৰ লগতে পৰিয়ালবৰ্গৰ সুখ-শান্তি-সমৃদ্ধি কামনাৰে সকলোৱে গুৰুজনাৰ শ্ৰী চৰণত শৰাই নৈবেদ্য আগবঢ়াই সেৱা জনায়। দুপৰীয়া হাজাৰ হাজাৰ লোকে নাম প্ৰসংগত ভাগ লৈ নাম কীৰ্তনত মগ্ন হোৱা পৰিলক্ষিত হয়। ইপিনে পূৰ্বৰ দল উৎসৱৰ দৰে বহু সংখ্যক লোকে পৱিত্ৰ আকাশীগংগা তীৰত নিজে ৰান্ধি এসাজ লগে ভাগে খোৱাৰ উদ্দেশ্যৰে সমবেত হৈছেহি। বৃহস্পতিবাৰে পুৱাৰ ভাগত নিত্য নৈমিত্তিক প্ৰসংগ সম্পন্ন হোৱাৰ পাছত দুপৰীয়া গায়ন-বায়নৰদ্বাৰা গীত পৰিৱেশন আৰু বৈদিক ৰীতি নীতিৰে কৃষ্ণ গোসাঁই পৃজাৰ অন্তত আয়তীৰ উৰুলীৰ মাংগলিক ধ্বনিৰ মাজেৰে গোসাঁই মূৰত ফাকু দিয়া উৎসৱ সম্পন্ন কৰা হয় । ইয়াৰ পিছতে সকলো ভক্ত প্ৰাণ ৰাইজৰ মাজত ফাকু চতিয়াই দিয়ে থানৰ কেৱলীয়া ভকতে। সন্ধিয়াৰ পৰা আকাশীগংগা তীৰৰ আই খেৰসূতী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বৰ্ণাঢ্য সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান ।
দৌলযাত্ৰা মহোৎসৱত লোকে লোকাৰণ্য বটদ্ৰৱা ধাম
-
By publisher

- Categories: Culture, News, Spirituality
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026