বিধেয়ক বিৰোধী ভোট বিভাজন নোহোৱাৰ চেষ্টা এ ইউ ডি এফৰ:কেৱল তিনিটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব আজমলে।

20 03 19 Kolgosia Badruddin Ajmol election campaining rally 3

AIUDF President Badruddin Ajmol attending election campaining meeting at Kolgosia, Barpeta on 20-03-19.pix by ub photos

কংগ্ৰেছক নিজৰ ‘লাইন’ ঠিক কৰিবলৈ আহ্বান ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী ভোট বিভাজন নহ’বলৈ লোকসভা নিৰ্ব্বাচনত কেৱল তিনিটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে এ আই ইউ ডি এফে। প্ৰথমতে কমেও আঠটা সমষ্টিত দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰিছিল ; কিন্তু শেহতীয়াকৈ এই সিদ্ধান্ত সলনি কৰা হয় ।  দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এই সৰ্ন্দভত কয়, ‘ আমাৰ সাংসদ থকা সমষ্টি তিনিটাতে আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম ।’ সেই অনুসৰি ধুবুৰী সাংসদ তথা দলৰ সভাপতি বদৰুদ্দিন আজমল, বৰপেটাত ৰফিকুল ইছলাম আৰু কৰিমগঞ্জৰ সাংসদ ৰাধেশ্যাম বিশ্বাস আমাৰ দলৰ প্ৰাৰ্থী হ’ব। আমি চেষ্টা কৰিছিলো যে বিধেয়কখন বিৰোধী শক্তিবোৰ এক লগ হৈ বিজেপিক প্ৰতিহিত কৰিব। কাৰণ সাম্প্ৰদায়িক বিজেপিক আমি বাধা দিবই লাগিব । এই ক্ষেত্ৰত সকলোৰে পৰা সহযোগিতা পোৱা নগ’ল । অসম গণ পৰিষদে অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰিলে।কিন্তু আমি বিজেপিৰ দৰে অপশক্তিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিম। বিধেয়ক বিৰোধী ভোটৰ যাতে বিভাজন হৈ বিজেপিয়ে লাভ আদায় কৰিব নোৱাৰে তাৰ প্ৰতি আমি সচেতন হ’ব লাগিব । প্ৰাৰ্থী নথকা যিবোৰ সমষ্টিত আমাৰ ভোটাৰ আছে তেওঁলোকে বিবেক ভোট প্ৰদান কৰিব । কংগ্ৰেছৰ লগত কিন্তু আমাৰ কোনো সম্পৰ্ক নাই ।

Exit mobile version