খেৰণি : হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙত। খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত দিখলেমপুৰ গাওঁত বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা বনৰীয়া হাতীৰ এটা জাকে উক্ত গাঁওখনত প্ৰৱেশ কৰি গাওঁখনৰ বসন্ত বিশ্বাস, প্ৰমিলা বিশ্বাস, শানুলাল বিশ্বাস আৰু সুশান্ত বিশ্বাসৰ নামৰ পৰিয়াল কেইটাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইয়াৰ উপৰিও উল্লেখিত কৃষক পৰিয়াল কেইটাই মজুত ৰখা চাফা মিঠৈৰ (গুৰ) টিন, অন্যান্য খাদ্য সামগ্ৰী আদি নষ্ট কৰাৰ বিপৰীতে খায় তহিলং কৰে। লগতে বাসগৃহত থকা আচবাব আদিও ভাঙি নষ্ট কৰে গাওঁখনত প্ৰৱেশ কৰা হাতীৰ জাকটোয়ে। আৰু এনেদৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত চাৰিটাকৈ পৰিয়াল গৃহহাৰা হৈ পৰে। ইফালে ঘটনাৰ পিছতে ভুক্তভোগী পৰিয়ালৰ সদস্যই ক্ষতিপূৰণৰ কাতৰ অনুৰোধ জনাইছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক।
হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙত: বনৰীয়া হাতীৰ তাণ্ডৱত নিশা চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড
-
By publisher

- Categories: News
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026