অগ্ৰদূত বাৰ্তা,কয়াকুছি, ১৭ অক্টোবৰঃ বৰপেটাত বীমা কেলেংকাৰী মাৰ নোযোৱাতেই বৰপেটাৰ ইউকো বেংকৰ কেলেংকাৰী পোহৰলৈ আহিছে। যোৱা ১০ অক্টোবৰত কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এক্তিয়াৰ হুছেইন, মমিৰ হুছেইন, ছাদেক আলী, ইছমাইল হুছেইন আদিকে নজন লোকে কয়াকুছি আৰক্ষী চকীত দাখিল এজাহাৰৰ ভিত্তিত কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত নলীগাঁৱৰ আফাজ উদ্দিনৰ পুত্ৰ আব্দুল কাদেৰকৰ নিজ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল।গ্ৰেপ্তাৰৰ পিছদিনাই অৰ্থাৎ ১১ অক্টোবৰত আব্দুল কাদেৰক আদালতলৈ প্ৰেৰণ কৰি পুনৰ অধিক তদন্তৰ বাবে সাত দিনৰ কাৰণে আৰক্ষীৰ জিম্মালৈ আনিছিল। বৰপেটা সদৰ থানাত ৰুজু হোৱা ভাৰতীয় দণ্ড বিধিৰ ৪২০/৪০৬ / ধাৰামতে ১৮৫৬/১৯ নম্বৰৰ গোচৰ মৰ্মে আৰক্ষীৰ মাৰাথান জেৰাৰ পিছত আব্দুল কাদেৰৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আজি বৰপেটা ইউকো বেংকৰ সেই সময়ৰ শাখা প্ৰৱন্ধক আলোক কুমাৰক কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত যোৱা এদল আৰক্ষীয়ে বৰপেটা চহৰৰ পৰা গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে আব্দুল কাদেৰ আৰু বেংকৰ শাখা প্ৰবন্ধকৰ সৈতে মিলি ঋণ উলিয়াই দিয়াৰ নামত ব্যাপক জালিয়াতিৰে সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ আৰু ভক্তৰডবা অঞ্চলৰৰেই নহয় জিলাখনৰ বিভিন্ন ঠাইৰ বহু লোকক প্ৰৱঞ্চনা কৰি বিভিন্ন ধৰণৰ ঋণ দিয়াৰ নামত কেবাকৌটি টকা সংগ্ৰহ কৰিছিল। সময়মতে ৰাইজৰ ঋণ নোপোৱাৰ ফলত বিমোৰত পৰিছিল বিভিন্ন জনে। বিশেষকৈ কৃষি ঋণ দিয়াৰ নামত দালাল আব্দুল কাদেৰে বহু মানুহৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি মানুহখিনিৰ পৰা আগতিয়াকৈ উকা চেকপাত লৈ সমুদায় টকা আত্মসাৎ কৰিছিল। ঋণ সম্পৰ্কে দালাল আব্দুল কাদেৰক বিভিন্ন জনে শুধিলে তেওঁ কাৰো নামত ঋণ হোৱা নাই বুলি কৈ দিয়ে। কেইমাহমানৰ পিছত যেতিয়া বেংকৰ পৰা ঋণ পৰিশোধৰ নোটিচ আহিছে তাৰ পিছত মানুহখিনি হাবাথুৰি খাই সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰক ভুক্তভুগী ৰাইজে লগ ধৰি অৱগত কৰিছল। ৰাইজৰ অনুৰোধ মৰ্মে বিধায়কে আব্দুল কাদেৰৰ পৰিয়ালক অবগত কৰিছিল যদিও কোনো ধৰণৰ সুফল পোৱা নাছিল। অবশেষত বিধায়কে ৰাইজক এজাহাৰ দিবলৈ পৰামৰ্শ প্ৰদান কৰে। এজাহাৰৰ ভিত্তিত কয়াকুছি আৰক্ষীয়ে তদন্ত কৰি দালাল আব্দুল কাদেৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। গ্ৰেপ্তাৰৰ পিছ দিনাই আব্দুল কাদেৰৰ ঘৰৰ পৰা কয়াকুছি আৰক্ষীয়ে। বেংকৰ লগত জড়িত বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছিল। কাদেৰে বহু বেংক গ্ৰাহকৰ পৰা প্ৰৱঞ্চনাৰে প্ৰায় তিনি কোটি টকা আত্মসাৎ কৰাবুলি একাংশ লোকে অভিযোগ কৰিছে। আজি গ্ৰেপ্তাৰ কৰা শাখা প্ৰৱন্ধক আলোক কুমাৰক কাইলৈ আদালতলৈ প্ৰেৰণ কৰিব বুলি কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই সাংবাদিকক জানিবলৈ দিয়ে।