বিশ্বব্যাপী ঘাতক হৈ পৰা ক’ৰনা ভাইৰাছৰ বাবে সম্পূৰ্ণৰূপে দোষী চীন। সুদীৰ্ঘ ২১ দিন ধৰি এই কুকীৰ্তি দেশখনে লুকুৱাই ৰাখিছিল। সম্প্ৰতি এই বিস্ফোৰক তথ্য ফাদিল হোৱাৰ পিছতে অস্বস্তিত পৰিছে ৰঙা চীন। তথ্য অনুসৰি বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত চীনত এই ৰোগ চিনাক্ত হৈছিল। কিন্তু সেইদিনা কোৱা হৈছিল যে নিউম’নিয়া আৰু ফ্লুজাতীয় ৰোগহে। ২৯ জানুৱাৰী পৰ্যন্ত এইদৰে সমগ্র বিশ্বক অন্ধকাৰত ৰাখিছিল চীনে। ইয়াৰ পিছত চলিত বৰ্ষৰ সাত জানুৱাৰীত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা চীনে প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰে। তথ্য অনুসৰি এজন চীনা ব্যৱসায়ীয়ে সৰ্বপ্ৰথমে এই অভিযোগ উত্থাপন কৰি চীনৰ ৰাষ্ট্ৰপতি জিংপিঙলৈ আঙুলি টুৱাইছিল। এই ঘটনাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰা ব্যৱসায়ীজনৰ আজি পৰ্যন্ত কোনো সন্ধান নাই।পৰৱৰ্তী পৰ্যায়ত বাধ্যত পৰি চীনৰ চৰকাৰে নতুন ভাইৰাচক কৰ’না বুলি স্বীকাৰ কৰে। ইপিনে, আমেৰিকাই অভিযোগ উত্থাপন কৰিছে যে কৰ’না ভাইৰাছক লৈ বোমা নিৰ্মাণৰ ষড়যন্ত্ৰ ৰচিছিল চীনে।পৰীক্ষাৰ সময়ত সেয়া বিস্ফোৰিত হৈ দুৰ্যোগৰ সৃষ্টি কৰে।অন্যহাতে আমেৰিকাৰ অভিযোগক চীনে ওলোটাই অভিযোগ কৰে যে আমেৰিকাৰ সেনাই চীনলৈ যৌথ বাহিনীৰ অনুশীলনৰ বাবে অনুশীলনৰ বাবে যোৱাৰ সময়ত কৰ’নাৰ প্ৰসাৰ ঘটে। কিন্তু আজি চীনা সংবাদ মাধ্যমৰ বিস্ফোৰক তথ্য ফাদিলৰ আন্তৰ্জাতিক স্তৰত এঘৰীয়া হৈছে চীন। ৰঙা চীনৰ কুকীৰ্তিক লৈ সমগ্র বিশ্ব আজি সংকটৰ গৰাহত।
কৰ’না ভাইৰাছক লৈ চীনা সংবাদ মাধ্যমৰ বিস্ফোৰক তথ্য
-
By publisher

- Categories: Daily, News
- Tags: ChinaCorona VirusCovid-19
Related Content
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
By
publisher
April 27, 2026
Dainik Agradoot Today's Edition - 27 April
By
publisher
April 27, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026