ৰত্নাকৰ, কাঞ্চন জংঘাৰ দৰে অসমীয়া ছবিয়ে উদ্যোগটোক সজীৱতা প্ৰদান কৰাৰ কেইদিনমানৰ পিছতে কা বিৰোধী আন্দোলনৰ ফলত স্থবিৰ হৈ পৰিল অসমীয়া ছবি উদ্যোগ।কেব গুচি কা হ’ল। আন্দোলনো কিছু পৰিমাণে স্তিমিত হ’ল।ছবি প্ৰযোজক গোষ্ঠীয়ে মুক্তিৰ ক্ষণ গণি থকা ছবিসমূহ মুক্তি দিবৰ বাবে সাজু হোৱাৰ সময়তে এইবাৰ আকৌ আহিল মহামাৰী কৰ’না ভাইৰাছ।চিনেমা হল বন্ধ। মুক্তিৰ দিন স্থিৰ কৰা প্ৰযোজকৰ নিদ্ৰা হৰণ কৰিছে কৰ’নাই। সুদীৰ্ঘ ৬ বছৰৰ মূৰত অহা ১০ এপ্ৰিলত ‘এন কে বিগষ্টাৰ’ৰ বেনাৰত মুক্তিলাভ কৰিবলগীয়া ‘জানমণি ২০২০’ ছবিখনক লৈ সমস্যাত পৰিছে প্ৰযোজনা গোষ্ঠীটো।’অভাবেই আৱিষ্কাৰৰ মূল’- চিনেমাহলৰ বিকল্প আৱিষ্কাৰ কৰিছে প্ৰযোজনা গোষ্ঠীটোৱে। চিনেমা হল বন্ধ হ’ল যদিও অসমৰ লগতে সমগ্র বিশ্বই চাব পাৰিব হেঁপাহৰ ‘জানমণি২০২০’। তাকো এইবাৰ দুখনকৈ জানমণি নিজৰ মোবাইল তে চাব পাৰিব দৰ্শসকলে। সুদীৰ্ঘ ৪ টা দশক ধৰি অসমৰ সাংস্কৃতিক জগতত মনোৰঞ্জন প্ৰদান কৰি অহা এন কে প্ৰডাকচনে ‘এন কে বিগষ্টাৰ’ নামৰ এটা নতুন ম’বাইল এপ বহা’গ বিহুৰ পূৰ্বেই মুকলি কৰিব। য’ত উপলব্ধ হ’ব দুশৰো অধিক চিনেমা, অডিঅ’- ভিডিঅ’ গানৰ লগতে ভিন্ন ধৰ্মী ৱেব চিৰিজ।সমাজৰ একাংশ লোকৰ ধৰ্মীয় গোড়ামী, অসহিষ্ণুতা তথা জাত পাতক লৈ কৰা অনৈতিক কার্য-কলাপৰ বলি হ’বলগীয়া ডেকা ডেকেৰী সকলে প্ৰেমৰ ক্ষেত্ৰত সাহসেৰে যুজঁ দিব নোৱাৰিলে ই কেনে ভয়ংকৰ হ’ব পৰিস্থিতিলৈ পৰ্যবসিত হ’ব পাৰে কল্পনাতীত।তেনে এক বিষয়বস্তুক কাহিনীৰ আধাৰ হিচাপে লৈ অসমীয়া সাংস্কৃতিকখনিত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা অসমৰ আগশাৰীৰ প্ৰডাকচন হাউচ ‘এন কে প্ৰডাকচন’ৰ নৱতম সংযোজন ‘এন কে বিগষ্টাৰ’ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে অসমীয়া চলচ্চিত্ৰ ‘জানমণি২০২০’। ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ আৰু পৰিচালনা বিষ্ণুজ্যোতি সন্দিকৈৰ। সহযোগী পৰিচালক অৰিন্দম কাশ্যপ। চতিয়া আৰু মহানগৰীত দৃশ্যগ্ৰহন কৰিছে জ্ঞান গৌতমে আৰু সম্পাদনা কৰিছে প্ৰদীপ পালে।মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিগাংগনা বৰা, দীপাংকৰ মহন্ত আৰু দ্বীপজ্যোতি মহন্তই। অন্যান্য চৰিত্র সমূহ ৰূপায়ণ কৰিছে অৰুণ হাজৰিকা, দেৱানন্দ শইকীয়া , ভৱানী ভূঞা, উদয় শংকৰ, সূৰ্য্য শইকীয়া, বৈশালী নৱ মেধি, ৰাজমণি ভূঞা, অপৰ্ণা তামুলী , বাসৱ কুমাৰ দাসৰ উপৰিও প্ৰায় শতাধিক অভিনয় শিল্পীয়ে। আনহাতে, ছবিখনৰ গীতসমূহৰ দায়িত্বত আছে বিমান বৰুৱা, বিপিন চাউদাং, জয়ন্ত সোণোৱাল আৰু শোণিত গগৈ। কণ্ঠদান কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।আৱহ সংগীতেৰে সজাইছে পৰাণ বৰকটকীয়ে।
কৰ’নাৰ কবলত জানমণি
-
By publisher

- Categories: Entertainment, News
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026