নগাঁও,২১ মাৰ্চঃ কেৰেলা,,বাংগালুৰ,তামিলনাডু,গুজৰাট,মধ্যপ্ৰদেশ আদিকে ধৰি বহিঃৰাজ্যত কৰ্মৰত মধ্য অসমৰ শ শ যুৱক কৰ’না আতংকৰ বাবে শেহতীয়াকৈ স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰা বিষয়টোক কেন্দ্ৰ কৰি এতিয়া মধ্য অসমৰ গ্ৰাম্যঞ্চলত গঞা ৰাইজৰ মাজত চৰম আতংক বিৰাজ কৰিছ ৷বিশেষকৈ নগাঁও,হোজাই আৰু মৰিগাঁও জিলাৰ কেইবা সহস্ৰাধিক যুৱকে কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যৰ ব্যক্তিগত কোম্পানীত অথবা চিকিউৰিটি গাৰ্ড,শ্ৰমিক আদিকে ধৰি বিভিন্ন কৰ্মত নিয়োজিত হৈ পৰিয়াল পোহপাল দি আহিছিল যদিও কৰ’নাৰ আতংকৰ বাবে এই যুৱক সকল নিজ গৃহত আহি উপস্থিত হৈছেহি। ইতিমধ্যে ঘৰলৈ উভতি অহা একাংশই স্বাস্থ্য পৰীক্ষা কৰাই স্বাস্থ্য বিভাগৰ নিৰীক্ষণত নিজ গৃহতে আছুতীয়াকৈ ৰাখিছে ৷ ইয়াৰ বিপৰীতে আন একাংশই আকৌ ইয়াৰ পৰা বিৰত থাকি ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে বহিঃৰাজ্যৰ পৰা ঘৰলৈ উভতি অহা নগাঁও জিলাৰ ১৩২ জন লোকক নিজ গৃহতে স্বাস্থ্য বিভাগৰ নিৰীক্ষণত আছুতীয়াকৈ ৰখা ব্যৱস্থা কৰা হৈছে ৷তেওঁলোকক ১৪ দিনৰ কাৰণে নিৰীক্ষণত ৰখা হ’ব ৷জখলাবন্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰঘুলীৰ কামাল উদ্দিন নামৰ এজন যুৱকক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়। আনহাতে কৰ’না আতংকৰ মাজতে নগাঁও জিলাত এতিয়া অন্তৰ্ধান হৈ পৰিছে চেনিটাইজাৰ আৰু মাস্ক ৷ গতিকে ৰাইজে মাস্ক চেনিটাইজাৰ বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে ৷
বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ প্ৰত্যাৱৰ্তন কৰা শ শ লোকক লৈ ত্ৰস্তমান নগঞা ৰাইজ
-
By publisher

- Categories: News
Related Content
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
By
publisher
April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
By
publisher
April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
By
publisher
April 27, 2026
বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন
By
publisher
April 27, 2026
গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত
By
publisher
April 27, 2026
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
By
publisher
April 27, 2026