কলকাতা,২০ মাৰ্চঃ ইটালীৰ ভয়াৱহতাই আমাক দেখুৱাই দিছে যে কৰ’না ভাইৰাছক অৱহেলা কৰিলে কি ফল হ’ব পাৰে ৷এজন লোকে অবিবেচকৰ দৰে কাম কৰিলে আন সকলো ঘোৰ বিপদত পৰিব পাৰে ৷ বহুতৰ ধাৰণা যে ছেনিটাইজাৰ ব্যৱহাৰ কৰি বা মাস্ক পৰিধান কৰি স্বাভৱিক কাম কাজ সম্পাদনা কৰাত কোনো বাধা নাই ।কিন্তু দোকান বজাৰে ই সংশয় হৈ পৰে। এই ক্ষেত্ৰত সবাতোকৈ বুদ্ধিমানৰ কাম এয়ে হ’ব যে নিতান্তই প্ৰয়োজনীয় ন’হলে ঘৰৰ বাহিৰলৈ নোযোৱাকৈ থকাটো৷এই ভাষ্য চিকিৎসকৰ ৷কলকাতাৰ কনছালটেণ্ট পালম’নলজিষ্ট সৌম্য দাসে কয়,সকলোৰে ক্ষেত্ৰত এই বিধি পালন সম্ভৱ ন’হবও পাৰে ৷অৱশ্যে ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মুখত ৰুমাল বান্ধি থ’ব পাৰে ৷কাহ হাঁচি আদি আহিলে মুখত সপা দিয়া উচিত ৷ তেওঁ কয় যে পূৰ্বতকৈ সচেতনতা বৃদ্ধি পাইছে ৷ কেৱল কৰ’নাই নহয়,আন যিকোনো ভাইৰাছৰ পৰা ৰেহাই পোৱাৰ একমাত্ৰ উপায় এইটোৱে। কৰ’না ভাইৰাছৰ চৰিত্ৰৰ বিভিন্ন দিশ সম্পৰ্কে আমি এতিয়াও অজ্ঞাত ৷সেয়েহে দ্ৰুতহাৰত ৰোগ বিয়পিছে । অৱশ্যে এটা কথা নিশ্চিত যে হাঁচি আৰু কাহৰ মাধ্যমৰ বতাহত বিয়পি পৰি অসুখ বিয়পিব পাৰে ৷এইদৰে কয় চিকিৎসক দাসে ৷তেওঁ কয় যে কৰ’না ভাইৰাছৰ ফলত সবাতোকৈ ক্ষতিৰ সন্মুখীন হয় ধূমপায়ীসকল ৷ তেওঁলোকে এই সুযোগতে ধূমপান ত্যাগ কৰিব লাগে। সঘনাই চিগাৰেট সেৱন কৰিলে নিজৰ লগতে পৰিয়ালৰো ক্ষতিসাধন কৰিব ৷ কিবা প্ৰকাৰে কৰ’না ভাইৰাছৰ সংক্ৰমণ হ’লে ৰোগীৰ অৱস্থা গুৰুতৰ হ’ব পাৰে ।এই ভাইৰাছে পোনপটীয়াকৈ শ্বাসনলী বা হাঁওফাওঁক আক্ৰমণ কৰি একিউট ৰেছপিৰেটৰি ডিছট্ৰেছ ছিণ্ড্ৰম বা এ আৰ ডি এছ হোৱাৰ সংশয় বৃদ্ধি কৰে ৷ ৰোগীক ভেন্টিলিশ্যনত থৈও বহু সময়ত শেষ ৰক্ষা কৰিব নোৱাৰি। কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ হৈছে গৃহবন্দী হৈ থকা ৷
কৰ’না ভাইৰাছৰ পৰা ল’ব লগীয়া সাৱধানতাসমূহ হৈছে:
মুখত ৰুমাল দি হাঁচি মৰা বা কাহ মৰাটো বাধ্যতামূলক ৷
নাক মুখ চুকত হাত নিদিব ৷ দিলেও হাত চাবোনেৰে ধুই ল’ব লাগিব ৷
দূৰৰ পৰা নমস্কাৰ,কৰমৰ্দন পৰিহাৰ ৷
কিলাকুটিৰে দৰ্জা খোলক ৷
থুৰ মাজত বহু ঘন্টা সক্ৰিয় হৈ থাকে এই বীজাণু ৷ সেয়ে য’তে ত’তে থু নেপেলাব ৷
বাহিৰৰ পৰা আহি পোনে পোনে বাথৰুমলৈ গৈ গৰম পানীত হাত মুখ ধুই চাবোনেৰে ধোঁৱা কাপোৰ পৰিধান কৰক ৷





























