গুৱাহাটী,২২ মাৰ্চঃ সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰা অনবদ্য বৰঙনি আগবঢ়াই আহিছে সংবাদ মাধ্যমে ৷এইদৰে ৰাইজৰ সেৱাত দিনে নিশাই নিয়োজিত চিকিৎসক নাৰ্ছ,স্বাস্থ্যকৰ্মী,আৰক্ষী,সাংবাদিক সংবাদকৰ্মীকে ধৰি সংশ্লিষ্টসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্য দেওবাৰে বিয়লি পাঁচ বজাত নিজৰ ঘৰৰ দুৱাৰমুখত শংখ ঘন্টাৰ ধ্বনি তথা হাত চাপৰিৰে শলাগ ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱাৰ সময়তে বাতৰি কাকতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে এক দুষ্টচক্ৰই ৷ বাতৰি কাকতৰ পৰাও কৰ’না ভাইৰাছ সংক্ৰমিত হয় বুলি অপপ্ৰচাৰ চলাই কোনো দুষ্টচক্ৰই বাতৰি কাকত নপঢ়িবলৈ ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই আছে ৷ এনে পৰিপ্ৰেক্ষিতত স্পৰ্শকাতৰ হিচাপে বিবেচিত হোৱা সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হেলথ চিটী হাস্পাতালৰ মেডিচিন বিশেষজ্ঞ ডঃ ব্ৰজেন লহকৰে কয় যে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিলেও বাতৰি কাকতৰ পৰা প্ৰত্যক্ষভাৱে কৰ’না ভাইৰাছ সংক্ৰমিত হোৱাৰ কোনো সম্ভাৱনা নাই ।তদুপৰি বিশ্বৰ কোনো দেশত এই পৰ্যন্ত বাতৰি কাকতৰ কৰ’না ভাইৰাছ সংক্ৰমিত হোৱাৰ তথ্য পোহৰলৈ অহা নাই। লগতে বিশ্ব স্বাস্থ্য সংস্থাই নিৰূপণ কৰা পৰামৰ্শৱলীতো এই সম্পৰ্কীয় তথ্য নাই বুলি উল্লেখ কৰি এনে অপপ্ৰচাৰ আতংকিত নহ’বলৈ ৰাইজক তেওঁ আহ্বান জনায় ৷