নতুন দিল্লী,২৩মাৰ্চঃ ।বিশ্বত্ৰাস হৈ পৰা কৰ’না ভাইৰাছৰ আক্ৰমণত মৃত্যুৰ সংখ্যাত এইবাৰ বিশ্বৰ সকলো দেশকে চেৰাই গ’ল ইটালীয়ে। কৰ’না ভাইৰাছত আক্ৰান্ত হৈ দেওবাৰে ইউৰোপৰ এই দেশখনত আঠশজনে প্ৰাণ হেৰুৱালে এই অতিমাৰীৰ কেন্দ্ৰস্থল চীনৰ য়ুহান প্ৰদেশতো এদিনতে এনে বৃহৎ সংখ্যক মানুহৰ মৃত্যু হোৱা নাছিল ।কৰ’নাৰ প্ৰকোপ ৰুধিবলৈ অহা তিনি এপ্ৰিল পৰ্যন্ত সমগ্ৰ দেশৰ লকডাউনৰ সিদ্ধান্ত লৈছে ইটালী চৰকাৰে ৷জৰুৰী প্ৰয়োজন অবিহনে মানুহক বাহিৰলৈ ওলাবলৈ নিষেধ কৰা হৈছে ।তৎস্বত্বেও দেওবাৰে এক বৃহৎ সংখ্যক লোকে এদিনতে প্ৰাণ হেৰুৱায় ।সম্প্ৰতি ইটালীত মৃত্যুৰ সংখ্যা হৈছে ৪,৮২৫ জন ৷এই পৰ্যন্ত ইটালীত ৫৩,৫৭৮ জন লোক কোভিড ১৯ ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৬০৬২ জন সুস্থ হৈছে। এই পৰ্যন্ত ব্যৱসায়ী অঞ্চল লম্বাৰ্ডিৰ পৰিস্থিতি অতিকৈ ভয়াৱহ ৷সেই অঞ্চলত তিনি হেজাৰৰো অধিক মানুহৰ মৃত্যু হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সেনা নিয়োগ কৰা হৈছে ৷ দ্বিতীয় বিশ্বযুডা° পাছত দেশে কেতিয়াও এনে ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হোৱা নাছিল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী জুছেপ্পে কন্তে৷পৰিস্থিতি বিবেচনা কৰি সকলোবোৰ কাৰখানাৰ বন্ধ ৰখাৰ তেওঁ নিৰ্দেশ দিছে ৷ অৱশ্যে ছুপাৰমাৰ্কেট,ঔষধৰ দোকান,ডাকঘৰ আৰু বেংকৰ দৰে জৰুৰীসেৱা অব্যাহত থাকিব ৷
ইটালীত মৃত্যু মিছিলঃ এদিনতে পুনৰ আঠশজনৰ মৃত্যু
-
By publisher

- Categories: Daily, News
- Tags: coron avirusCovid-19
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026