গাঁৱৰ প্ৰবেশ পথত বাঁহ বান্ধি ৰাইজৰ সজাগ সৃষ্টিকঠিয়াতলি,২৫ মাৰ্চঃ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ কঠিয়াতলি(নামবৰ) গাঁও পঞ্চায়তৰ অধীনৰ কছাৰী গাঁৱৰ ৰাইজৰ সহযোগত গাঁৱখনৰ যুৱকসকলে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷গাঁৱখনলৈ প্ৰবেশ পথত পথত বাঁহ বান্ধি বাহিৰৰ মানুহৰৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷গাঁওখনৰ স্থানীয় ব্যক্তিৰ বাহিৰে অন্য ব্যক্তিৰ প্ৰবেশ নিষিদ্ধ কৰিবলৈ এখন ফলকো আঁৰি দিছে ৰাইজে ৷২৪ মাৰ্চৰ বিয়লি ৬ বজাৰ পৰা দেশত আৰম্ভ হোৱা লক ডাউন বা তলাবন্ধ কাৰ্যসূচীৰ অংশ হিচাপে গাঁৱবাসীয়ে এই ব্যৱস্থা হাতত লয় ৷ লগতে বহিঃৰাজ্যৰ পৰা কৰ’না ভাইৰাছৰ আতংকত ঘৰলৈ ঘূৰি অহা গাওঁখনৰ কেইবাজনো যুৱকক স্থানীয় আৰক্ষীৰ সহায়ত চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে ৷ইফালে কঠিয়াতলি গাওঁ পঞ্চায়তৰ সভাপতি গৰাকীয়ে পৰিস্থিতি গুৰুত্ব উপলব্ধি কৰি গাওঁ পঞ্চায়তটোৰ অধীনৰ গাওঁসমূহত বহিঃৰাজ্যৰ পৰা কৰ’না ভাইৰাছৰ আতংকত ঘৰলৈ ঘূৰি অহা ১৭ জন যুৱকৰ এখন নাম তালিকাসহ স্থানীয় আৰক্ষী চকীত দাখিল কৰিছে ৷আৰক্ষীয়ে সেই যুৱকসকলক চিকিৎসালয়লৈ আনি পৰীক্ষা নিৰীক্ষাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ৷সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ সৰ্বত্ৰে লক ডাউনৰ কাৰণে এক নিস্তব্ধতাই বিৰাজ কৰিছে ৷সেই একেই পৰিৱেশ দেখা গৈছে কঠিয়াতলিতো ৷কিন্তু কেইজনমান স্থানীয় উতনুৱা যুৱকে ৰাষ্ট্ৰীয় ঘাইপথত আৰু গাঁৱৰ দুজনমান যুৱকে অকাৰণতে ঘূৰা ফুৰা কাৰ্যক আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কাৰ্যক ৰাইজে শলাগ লৈছে ৷





























