কৰ’না ভাইৰাছত আক্ৰান্ত চিকিৎসক

coronavirus gty aa

 

সমগ্ৰ বিশ্বৰ লগতে দেশত কৰ’না ভাইৰাছৰ ত্ৰাসৰ সময়তে দিল্লীৰ নিজামুদ্দিনস্থিত তবলিঘি জামাতত একাংশ লোকৰ  অংশ গ্ৰহণ কাৰ্য্যই সম্প্ৰতি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। এই সময়তে দিল্লীৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক কৰ’নাত আক্ৰান্ত হৈছে ।তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে দিল্লীৰ উক্ত চিকিৎসালয় খনক কৰ’না ভাইৰাছৰ বীজাণুৰ পৰা মুক্ত কৰাৰ কাৰণে বন্ধ কৰি দিয়া হৈছে।

তাৰ চিকিৎসকৰ সংস্পৰ্শলৈ যোৱা ব্যক্তিসকলক সম্প্ৰতি আছুতীয়াকৈ ৰখা হৈছে ।ইফালে বিগত কিছুদিনৰ পৰা দিল্লীৰ ৰাজ্যিক কেন্সাৰ চিকিৎসালয়ৰ এজন মহিলা চিকিৎসক অসুস্থ আছিল ৷চিকিৎসকগৰাকীৰ লেলাৱতী পৰীক্ষা কৰাৰ পিচত কৰ’না ভাইৰাছত আক্ৰান্ত বুলি তথ্য পোৱা যায় ।এই খবৰ লাভ কৰাৰ পিছতেই চিকিৎসালয়খন বন্ধ কৰি দিয়া হয়।

লগতে অ’পিডি,লেবটৰী আদি সকলো বন্ধ আছে ।দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ মত অনুসৰি মহিলাগৰাকীৰ ভাতৃ কৰ’নাত আক্ৰান্ত ৷আজি কিছুদিন পূৰ্বে মহিলা চিকিৎসক গৰাকী ভাতৃৰ ঘৰলৈ গৈছিল ।আনহাতে এই মুহুৰ্তত দিল্লীৰ শতাধিক ব্যক্তি কৰ’নাত আক্ৰান্ত হৈছে ৷সম্প্ৰতি দিল্লীৰ মহল্লা ক্লিনিকৰ এক চিকিৎসক দম্পতী কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। সেই সময়তে দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ ধৰ্মীয় সভাত কৰ’না ভাইৰাছৰ সংক্ৰমণ হোৱাৰ কথাই সকলোৰে মাজত উদ্বেগ বৃদ্ধি কৰিছে ৷

Exit mobile version