মহানগৰীৰ স্পেনিছ গাৰ্ডেন অনিৰ্দিষ্টকালীন তলাবন্ধ

garden

দেশজুৰি অব্যাহত থকা তলাবন্ধৰ সময়তে মহানগৰীৰ অন্যতম বিলাসী এপাৰ্টমেণ্ট চৌহদটো শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকাললৈ তলাবন্ধ ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে | পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত এতিয়াৰে পৰা স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট চৌহদত থকা কোনো লোকে বাহিৰলৈ আৰু বাহিৰৰ কোনো লোকে এপাৰ্টমেণ্ট চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব | স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব |

স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্টৰ প্ৰতিজন আৱাসীৰ পৰা আৰম্ভ কৰি সকলোৰে ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ’ব | জিলা প্ৰশাসনৰ সূত্ৰই শনিবাৰে এই কথা সদৰী কৰি জনোৱা মতে, অতি শেহতীয়াকৈ কৰ’না ভাইৰাছৰদ্বাৰা আক্ৰান্ত হৈছে স্পেনিছ গাৰ্ডেন চৌহদৰ ডি ব্লকৰ ৭০৪ নম্বৰ এপাৰ্টমেণ্টৰ আৱাসী মণিষ তিব্ৰেৱাল |

স্পেনিছ গাৰ্ডেনৰ আৱাসী তিব্ৰেৱালৰ ভ্ৰমণ বৃত্তান্তৰ ওপৰত নিৰ্ভৰ কৰি শেহতীয়াকৈ স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পৰীক্ষা কৰে | উক্ত পৰীক্ষাৰ প্ৰতিবেদন ব্যৱসায়ীজন কৰ’না ভাইৰাছৰদ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে নিশ্চিত কৰে | পাছত স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ ভিত্তিত ২০২০ৰ ‘দ্য আসাম ক’ভিড-১৯’ বিধি,২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু ১৮৯৭ৰ মহামাৰী ৰোগ আইনৰ অধীনত শনিবাৰে পুৱা ১০ বজাৰ পৰা তৎকালে কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকাললৈ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট চৌহদটো এক নিৰ্দেশনাযোগে তলাবন্ধ ঘোষণা কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে |

এই নিৰ্দেশনা ইতিমধ্যে এপাৰ্টমেণ্ট চৌহদত তৎকালে কাৰ্যকৰী হোৱাকৈ বলবৎ কৰা বুলিও সূত্ৰটোৱে জনায় | আনহাতে এপাৰ্টমেণ্ট চৌহদত যাতে বিনা অনুমতিত কোনো লোকৰ প্ৰৱেশ নাইবা বাহিৰলৈ উলাব নোৱাৰে তাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে |

 

 

Exit mobile version