গোলাঘাটত কোৱাৰেণ্টাইনত থকা ৪৩ৰ দেহত নাই কৰ’না

dcpiclatest1
দিল্লীৰ নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠান অংশগ্ৰহণ কৰি অহা গোলাঘাট জিলাৰ  ন জনৰ দেহত ক’ভিড -১৯ বিজানু ধৰা পৰাৰ পাছত ৫০ জনক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ‘আইচলেচন ৱাৰ্ড’ত ৰখা হৈছিল | অৱশ্যে চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰখা এই ৫০ জনৰ ভিতৰত ৪৩ জনৰ দেহত কোভিড-১৯ ধৰা নপৰাত কিছু সকাহ লাভ কৰিছে আতংকিত জনতাই।
দেওবাৰে এক সংবাদমেল যোগে  জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদিয়ে ৪৩ জনৰ দেহৰ পৰীক্ষাত ক’ভিড-১৯ ধৰা নপৰাত তথ্য সদৰী কৰে । তেওঁ কয় যে অসামৰিক চিকিৎসালয় আৰু জি.এন.এম. নাৰ্চিং হোষ্টেলত কোৱাৰেণ্টাইনত থকা ৫০ জনৰ ভিতৰত সাত জনৰ পৰীক্ষাৰ ফলাফল আহিবলৈ এতিয়াও বাকী আছে ।  গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইনত থকা ৫০ জনৰ উপৰি সমগ্ৰ জিলাখনত নিজা নিজা ঘৰত স্বাস্থ্য বিভাগৰ বিশেষ নিৰিক্ষণত ২৬৯৩ জনকৈ লোক কোৱাৰেণ্টাইনত । অৱশ্যে ইয়াৰে ১৫৪০ জনৰ ১৪ দিনৰ নিৰ্দিষ্ট সময় ইতিমধ্যে উকলি গৈছে ।
Exit mobile version