দৰং জিলাৰ খাৰুপেটিয়াত আশ্ৰয় লৈ খকা ন জামাতীৰ বিৰুদ্ধে অৱশেষত গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে | দেওবাৰে খাৰুপেটীয়াৰ আৰক্ষীয়ে আত্মগোপন কৰি থকা এই জামাতীৰ দলটোক আটক কৰি স্বাস্থ্য বিভাগক চমজাই দিছিল আৰু আৰক্ষীয়ে সোমবাৰে এই সংক্ৰান্তত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে | আৰক্ষীৰ এটা দলে সোমবাৰে জামাতী কেইজনক খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত মঙ্গলদৈ আৰু তাৰ পৰৱৰ্তী সময়ত গুৱাহাটীস্থিত সৰুসজ্জাই আইচলেচন চেন্টাৰলৈ প্ৰেৰণ কৰে|
উল্লেখ্য যে পূৱ কামাৰপাৰা গাঁৱৰ ইয়াকুব আলীৰ গৃহত আশ্ৰয় লৈ জামাতীৰ দলটো কলকাতা হৈ ১৬ ফেব্ৰুৱাৰীত খাৰুপেটীয়া কলেজ টাৰ্নিঙৰ মচজিদত উপস্থিত হয় | তাৰে পৰা জিলা খনৰ বিভিন্ন স্থানত জামাত সমাপন কৰে তেওঁলোকে ৷ দানেজ শ্বেখ,কফিল আনছাৰী,জায়েদ মহম্মদ, ইকৰাম শ্বেখ, মুবাচিচ আনছাৰী, সমীৰ কুৰেশ্বী, মহম্মদ ছৈয়ীদ, সমসেৰ শ্বেখ, শ্বেখ হাবিবুৰ নামৰ ন জনীয়া জামাতীৰ দলটোৱে ২৩ মাৰ্চ পৰ্যন্ত খাৰুপেটীয়াৰ আশে পাশে কে’বাটাও মছজিদত নামাজ- জামাতত অংশ লৈছিল |
ইফালে সমগ্ৰ দেশজুৰি লকডাউন বলবৎ হোৱাত আৰু তিনিজনতকৈ অধিক লোকে নামাজ- জামাতত অংশ লব নোৱাৰে বুলি মছজিদে মছজিদে ঘোষনা হোৱাত দলটো খাৰুপেটীয়া থানাৰ অন্তৰ্গত পূৱ কামাৰপাৰ গাৱঁত আবদ্ধ হৈ পৰে | ২৪ মাৰ্চৰ পৰা গাওঁ খনৰ ইয়াকুব আলী নামৰ লোক এজনৰ ঘৰত এই দলটো আত্মগোপন কৰি থাকে |
ইফালে, কৰোনা ভাইৰাচৰ আতংকৰ বাবে ৰাজ্যৰ বাহিৰৰ পৰা অহা আৰু নিজামুদ্দিনৰ জামাতত অংশ লোৱাসকলক চৰকাৰে বাৰম্বাৰ স্বাস্থ্য বিভাগৰ ওচৰত হাজিৰ হবলৈ জনোৱা আহ্বানক গুৰুত্ব দিয়া নাচিল বহুতেই| তেনেস্থলত কালি এই সন্দৰ্ভত এক বিশেষ কে’বাজনো জামাতী আত্মগোপন কৰি থকাৰ খবৰ বিশেষ সূত্ৰে জানিব পাৰি আৰক্ষীৰ দলটো উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনাটো উদ্ধাৰ কৰে ৷ পাছত খাৰুপেটীয়াৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০(বি)/২৭০/২৭১/৩০৮ ধাৰাত ১১৯/২০২০ নম্বৰত নজন জামাতী বিৰুদ্ধে গোচৰ এটা পঞ্জীয়ন কৰা বুলি জিলা আৰক্ষী অধীক্ষকে জানিব দিছে ৷