মৃত্যদূতৰূপী কৰ’না ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা ত্ৰিপুৰাৰ গীতাৰাণী কৰ্মকাৰৰ লগত একেলগে মহানগৰীৰ পল্টনবজাৰস্থিত বিশাল মেগমাৰ্টত উপস্থিত থকা কৰ্মচাৰীসহ ২৭ জন লোকক কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ত্ৰিপুৰাৰ গীতাৰাণী কৰ্মকাৰে যোৱা ১৭ মাৰ্চৰ বিয়লি মহানগৰীৰ বিভিন্ন স্থান পৰিদৰ্শনৰ পিছত পল্টনবজাৰস্থিত বিশাল মেগমাৰ্টত উপস্থিত হয়।ইয়াৰ পিছতে বিভিন্ন সামগ্ৰী ক্ৰয় কৰি ৪১ নম্বৰ বিলৰ জৰিয়তে বিশাল মেগমাৰ্টত ধন আদায় কৰে।
উক্ত সময়ছোৱাত বিশাল মেগমাৰ্টৰ কেচিয়াৰসহ সাতজন কৰ্মচাৰীৰ লগতে কেইবাজনো লোক কৰ্মকাৰৰ সংস্পৰ্শলৈ আহে বুলি বিশাল মেগমাৰ্টৰ কৰ্তৃপক্ষই চি চি কেমেৰাৰ ফুটেজৰ আধাৰত স্বাস্থ্য বিভাগৰ ওচৰত এখন তালিকা দাখিল কৰে। উক্ত তালিকাৰ ভিত্তিত বিশাল মেগমাৰ্টৰ সাত কৰ্মচাৰীৰ লগতে বিল আদায়ৰ বাবে কৰ্মচাৰীৰ আগে পাছে থকা ২০ জন গ্ৰাহকক কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিয়া বুলি সূত্ৰটোৱে জনায়।
অন্যহাতে, ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ পাণ্ডা নগেন শৰ্মাকে ধৰি কামাখ্যাৰ আঠজন ব্যক্তিৰ তেজ আৰু লেলাৱতিৰ নমুনাত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই বুলি পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হৈছে। ত্ৰিপুৰাৰ মহিলাকেইগৰাকীৰ সংস্পৰ্শলৈ অহাৰ ১৮ দিন উকলিবলৈ কেউজনৰ মাত্ৰ তিনি দিন বাকী থকা বুলি স্বাস্থ্য বিভাগে জনায়। লগতে মহানগৰীৰ পল্টন বজাৰস্থিত সুখমণি হোটেলৰ কৰ্মচাৰীসকলৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন কাইলৈ অহাৰ সম্ভৱনা থকা বুলি সূত্ৰটোৱে উল্লেখ কৰে।