কৰ’নাৰ আতংকৰ মাজতে এক কৰুণ ঘটনা সংঘটিত হ’ল হোজাই জিলাৰ কাকী থানাৰ অন্তৰ্গত কাকী টঙীয়াত । বন্ধৰ মাজতে হোজাইৰ নীলৱাগান সদৰগাঁৱৰ পৰা কাকীলৈ গৈছিল আব্দুল হক নামৰ প্ৰায় ৪০ বছৰীয়া লোকজন। মুৰ্গীৰ ব্যৱসায় কৰা লোকজনে তলাবন্ধৰ নিয়ম ভংগ কৰি মুৰ্গী বিক্ৰী কৰিবলৈ যাওঁতেই আৰক্ষীৰ সন্মুখীন হয় । আৰক্ষীক দেখিয়েই আব্দুল হকে নিজৰ এ এচ ৩১ ০৩১৫ নম্বৰৰ মটৰ চাইকেলেৰে তীব্ৰ গতিত পলায়ন কৰাৰ চেষ্টা কৰাত আৰক্ষীয়ে পিছে পিছে খেদি যায় লোকজনক। দ্ৰুতগতিত পলায়ন কৰোতেই এজোপা গছত খুন্দা মাৰি থিতাতে নিহত হয় লোকজন। ইয়াৰ পিছতেই লগে লগে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীৰ পহু খেদাত পলায়ন কৰোতে দুৰ্ঘটনাত প্ৰাণ গ’ল ক্ষুদ্র ব্যৱসায়ীৰ
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGANIST COVID-19
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026