কৰ’না আতংকৰ মাজতে গোৱালপাৰা জিলাৰ গোৱালপাৰা আঞ্চলিক বন বিভাগ আৰু আগিয়া থানাৰ অন্তৰ্গত হাদলাপাৰাত আজি পুৱতি নিশা ২ বজাত বন্যহস্তীৰ গছকত কাদব ৰাভাৰ দুই পুত্ৰ কন্যা নিহত হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে যোৱা নিশা অঞ্চলটোত বনৰীয়া হাতীৰ জাক এটাই উপদ্ৰৱ চলোৱাৰ বাবেই কাদব ৰাভাৰ পত্নী ৰোহিলা ৰাভাই দুই সন্তান সহ নিৰাপদ স্থানলৈ যোৱাৰ চেষ্টা চলোৱাৰ সময়তে বনৰীয়া হাতীৰ আক্ৰমণত জৰ্ণা ৰাভা আৰু চিৰঞ্জীত ৰাভা নামৰ শিশু দুটি থিতাতে নিহত হয়। অন্যহাতে, দৰিদ্ৰ কাদব ৰাভাই দিন হাজিৰা মজুৰি কৰিবলৈ গৈ তলাবন্ধ কাৰ্যসূচীৰ বাবে গুৱাহাটীত আবদ্ধ হৈ আছে। ইফালে কিছুদিনৰ পৰা গোৱালপাৰা জিলাৰ প্ৰান্তত হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে যদিও প্ৰতিৰোধৰ ক্ষেত্ৰত বন বিভাগে উপযুক্ত পদক্ষেপ নোলোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈ আহিছে। এই সংক্রান্তত আৰক্ষীয়েও বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা নাই বুলি আৰু বন বিভাগৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে।
গোৱালপাৰাৰ হাদলাপাৰাত বন্যহস্তীৰ গছকত একেটা পৰিয়ালৰ দুই শিশুৰ মৃত্যু
-
By publisher

- Categories: News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026