ক’ভিড-১৯ এ আক্ৰমণ কৰাৰ পূৰ্বে জাতি-ধর্ম- বৰ্ণ- সম্প্ৰদায়-ভাষা অথবা সীমান্ত বিচাৰ নকৰে। সেয়েহেআমাৰ প্ৰতিক্ৰিয়া আৰু আচৰণ প্রাথমিকভাৱে একতা আৰু ভাতৃত্ব বোধৰ সতে সংযুক্ত হৈ থকা উচিত। আমি ইয়াত একত্ৰিত হৈ আছো।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছ’ছিয়েল মিডিয়াযোগে এইদৰে দেশবাসীক কয়। তেঁও কয় যে কৰ’না ভাইৰাছৰ দৰে বিশ্ব মহামাৰীয়ে সকলোকে সমানে ক্ষতিগ্ৰস্ত কৰে।
‘যেতিয়া দেশসমূহে অথবা সমাজবোৰে ইটোৱে আনটোৰ বিৰুদ্ধে মুখামুখি হৈছিল, ইতিহাসৰ পাতত থকা পূৰ্বৰ এনে মুহূৰ্তবোৰৰ বিপৰীতে আমি আজি একেলগে উমৈহতীয়া প্ৰত্যাহ্বানৰ মুখামুখি হৈছো। আমাৰ ভৱিষ্যত হ’ব সমিলমিলৰ আৰু স্বাভাৱিকলৈ উভতি অহাৰ সামৰ্থ।’ তদুপৰি তেঁও কয় যে ভাৰতৰ পৰৱৰ্তী বৃহৎ চিন্তাধাৰা সমূহৰ বিশ্বজোৰা প্ৰাসংগিকতা থকা উচিত। কেৱল ভাৰতৰ বাবেই ইতিবাচক পৰিৱৰ্তন অনাই নহয়, সমগ্র মানৱ জাতিৰ বাবে ইতিবাচক পৰিৱৰ্তন অনাৰ সামৰ্থ থকা উচিত এনে চিন্তাবোৰৰ।
প্ৰধানমন্ত্রীয়ে পুনৰ কয় যে, এই সময়ছোৱাত কিদৰে নিজৰ কৰ্মৰাজি অব্যাহত ৰাখিব পাৰি তাৰ পথ বিচাৰিছে বিভিন্নজনে। কৰ্মস্থলী এতিয়া ডিজিটেল হ’ব ধৰিছে। তেঁও কয় যে প্ৰযুক্তিৰ ৰূপান্তৰে দৰিদ্ৰসকলৰ জীৱনকো প্ৰভাৱিত কৰে। প্ৰযুক্তিয়ে আমোলা তন্ত্ৰৰ শ্ৰেণী বিভাজন মষিমূৰ কৰে, মধ্যভূগীক উৎখাত কৰে আৰু কল্যাণমূলক পদক্ষেপক ত্বৰাণিত কৰে।