তলাবন্ধৰ মাজতে বাটৰহাটত কৃষি পাম পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

“ক’ভিড-১৯ ভাইৰাছজনিত বিভীষিকাই সমগ্ৰ বিশ্বৰ অৰ্থনীতিত আঘাত হানিছে। অসমো ইয়াৰ পৰা বাদ পৰি যোৱা নাই। লকডাউনৰ ফলত অসমৰ অৰ্থনীতিত যি ক্ষতি হৈছে সেই ক্ষতি পূৰণৰ একমাত্ৰ বিকল্প হ’ল ৰাজ্যখনৰ কৃষিখণ্ড।” এই মন্তব্য ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ | মঙ্গলবাৰে  কামৰূপ জিলাৰ বাটৰহাটত ৰাজ্যখনৰ কৃষি আৰু পশুপালন খণ্ডৰ এগৰাকী উদ্যমী ঔদ্যোগী দেৱজিৎ চৌধুৰীৰ মিশ্ৰিত কৃষি পামখন পৰিদৰ্শন কৰি মন্ত্ৰীজনে এইদৰে কয়। উল্লেখযোগ্য যে, পশুধন পালনক মুখ্য হিচাপে লোৱা চৌধুৰীৰ ৪০ বিঘা মাটিৰ পামখনত আধুনিক পদ্ধতিৰে উন্নত জাতৰ ৩০০ গাহৰি, ২০ হাজাৰ কুকুৰা, ২৪ জনী উন্নত প্ৰজাতিৰ গাই, বিভিন্ন উদ্যান শস্য আদি থকাৰ ওপৰি প্ৰতিদিনে ১০ মেট্ৰিকটন পশুখাদ্য উৎপাদন কৰিব পৰা এটা কল আছে।

মঙ্গলবাৰে তলাবন্ধৰ ফলত এই পামখনত দেখা  দিয়া সমস্যাৰাজী বুজ লয় মন্ত্ৰী বৰাই | আনহাতে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ ৰাণীত থকা আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ পশুধন পামখনো মন্ত্ৰীজনে পৰিদৰ্শন কৰি বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে ধাৰাপুৰৰ একাংশ পাচলি খেতি কৰা কৃষকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। লগতে তেওঁলোকে উৎপাদন কৰা শাক-পাচলিসমূহ তাৎক্ষণিকভাৱে বিক্ৰীৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে।

Exit mobile version