দেশজুৰি অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ মাজতে সমগ্ৰ অসমতে চাহ বাগিচাসমূহত চাহপাত তোলা প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে। তাৰ মাজতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ বকপাৰা চাহ বাগিচাত উপস্থিত হৈ কৰ্মৰত শ্ৰমিকসকলৰ স’তে মত বিনিময় কৰি ‘ফেচ মাস্ক’ বিতৰণ কৰে। তেওঁ এই মহাব্যাধি পৰা হাত সাৰিবলৈ সকলোকে সামাজিক দূৰত্ব বজাই ৰাখি সকলো স্বাস্থ্যবিধি মানি চলিবলৈ শ্ৰমিকসকলক আহ্বান জনায়।
ADVERTISEMENT