ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যবাসীৰ বাবে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ “ধনন্তৰী” নামৰ এখন আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰে | তলাবন্ধৰ ফলত ৰাজ্যখনৰ বহু লোকে ঔষধৰ অভাৱত পৰা বুলি মন্ত্ৰীজনে উল্লেখ কৰি সেইলোক সকলক সহায় কৰাৰ অৰ্থে চৰকাৰে এই আঁচনি মুকলি কৰা বুলি কয় । তলাবন্ধৰ সময়চোৱাত অসম আৰক্ষীয়ে ঔষধৰ অভাৱত ভোগা প্ৰায় ৪,৮০০ লোকক ঔষধ যোগান ধৰাৰ বাবে মন্ত্ৰীজনে ধন্যবাদ জ্ঞাপন কৰে । নিজৰ অঞ্চলৰ ১০ কিলোমিটাৰ ভিতৰত থকা কোনো এখন দৰৱৰ দোকানত যদি নিদিষ্ট দৰবটো উপলব্ধ নহয় তেন্তে ১০৪ নম্বৰলৈ ফোন কৰিব পাৰিব বুলি কয় | তেওঁ অতি সোনকালে এটা হোৱাটএপ নম্বৰও মুকলি কৰাৰ কথা উল্লেখ কৰে | যাৰ জৰিয়তে দৰবৰ কাগজখন পঠাই দিব পাৰিব আৰ্তজনে |
উল্লেখ্য যে, এই দৰবসমূহ নিজ গৃহতে প্ৰদান কৰি আহিব স্থানীয় আশা কৰ্মী নাইবা এম পি ডব্লিউৱে | এই আচঁনিত হিতাধিকাৰীসকলে দৰবৰ মূল্য দুশ টকাৰ ওপৰত হলে মূল্য দিব লাগিব | যদি নিদিষ্ট দৰবটো মূল্য দুশ টকাৰ ভিতৰত নাইবা চৰকাৰৰ বিনামূলীয়া দৰবৰত থাকে তেন্তে সম্পূৰ্ণ বিনামূলীয়া হব | অভাৱী দৰৱটো যদি জিলাৰ ভিতৰত পালে ২৪ ঘন্টাৰ, অসমত বাহিৰৰ পৰা আনিব লগীয়া হ’লে এসপ্তাহৰ আৰু গুৱাহাটী বা ডিব্ৰুগড়ৰ পৰা আনি দিবলগীয়া হ’লে ৪৮ ঘন্টাৰ ভিতৰত যোগান ধৰা হ’ব বুলি উল্লেখ কৰিছে।