মুকুতা ব্যৱসায়লৈ চৰম প্ৰত্যাহ্বান
দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ ফলত চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে শামুকৰ জৰিয়তে মুকুতা উৎপাদনৰে অসমত মুকুতা বিপ্লৱৰ সূচনা কৰা নগাঁও জিলাৰ ধিং বেছামাৰীৰ ৰুলেন হাজৰিকা। সাগৰীয় শামুকৰ পেটতহে মুকুতা পোৱা যায় বুলি সৰ্বসাধাৰণ ৰাইজৰ মনত থকা ধাৰণাক মিছা প্ৰমাণিত কৰি ঘৰৰ পুখুৰীত থকা শামুকৰ জৰিয়তেও উৎকৃষ্ট মানদণ্ডৰ মুকুতা উৎপাদনৰে ৰাজ্য খনত এক মুকুতা বিপ্লৱৰ সূচনা কৰা উদ্যমী যুৱক জনৰ পুখুৰীত পোহা প্ৰতিটো শামুকৰ পেটত মুকুতাৰ সৃষ্টি হৈছে যদিও তেওঁ শামুকৰ পেটৰ পৰা মুকুতা সমূহ বাহিৰ কৰিব পৰা নাই । কিয়নো তলাবন্ধৰ ফলত সকলো ধৰণৰ যাতায়ত ব্যৱস্থা বন্ধ হৈ থকা হেতুকে সেই মুকুতা তেওঁ বাহিৰ কৰিলেও বিক্ৰীৰ বাবে হায়দৰাবাদলৈ ৰপ্তানি কৰিব নোৱাৰিব । অথচ এপ্ৰিল মাহত তেওঁৰ পুখুৰীৰ প্ৰায় ৩০০কাণখোলা শামুকে ইতিমধ্যে মুকুতা তৈয়াৰ কৰিছে । সেই সমূহ তেওঁ এই মাহতেই পশ্চিম বংগৰ তৰুণ শ্যামন্তৰ জৰিয়তে হায়দৰাবাদৰ মুকুতা বজাৰলৈ ৰপ্তানি দিয়াৰ কথা আছিল।
এই কথা অৱগত কৰে অসমত মুকুতা খেতিৰ বাটকটীয়া ধিং বেছামাৰী গাঁৱৰ ৰুলেন হাজৰিকাই । তেওঁ লগতে কয় যে, “মোৰ পুখুৰীত তিনি হেজাৰটা কাণখোলা শামুক পুহিছো। প্ৰতিটোৱেই প্ৰাপ্তবয়স্ক । কে’বামাহ পূৰ্বে ইহঁতৰ মেনটেল টিছুত বিশেষ অস্ত্ৰোপচাৰ জৰিয়তে নিউক্লিয়াচ(ধাতুৰ টুকুৰা)ভৰাই দিয়া হৈছে । সেই ধাতু বিভিন্ন ইমেজৰ । যাক কেলচিয়াম আৰু মাৰ্বল ডাচৰে বিশেষ পদ্ধতিত তৈয়াৰ কৰা হৈছে । ইতিমধ্যে সেইবোৰ মুকুতালৈ ৰূপান্তৰ হৈছে । মোৰ পুখুৰীৰ প্ৰায় তিনিশ শামুকে পূৰ্ণাংগ মুকুতা তৈয়াৰ কৰিছে । এই শামুকৰ পৰা ৬০০টা মুকুতা পোৱা যাব । এই মাহতে মুকুতা সমূহ সংগ্ৰহ কৰি ৰপ্তানি কৰাৰ কথা আছিল যদিও তলাবন্ধৰ ফলত সেইয়া সম্ভৱ হৈ নুঠিল।”
কাণখোলা শামুকৰ বাবে প্ৰয়োজনীয় খাদ্য যোগানতো ভীষণ সমস্যাৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰি ৰুলেন হাজৰিকাই আৰু কয়, “শামুকৰ খাদ্য ইউৰিয়া, সৰিয়হৰ খলিহৈ আৰু গোবৰৰে প্ৰস্তুত কৰা হয় । সেই বোৰ সংগ্ৰহ কৰি মই নিজেই শামুকৰ খাদ্য প্ৰস্তুত কৰো। কিন্তু দীঘলীয়া তলাবন্ধৰ ফলত দোকান-পোহাৰ বন্ধ হৈ থকাত ইউৰিয়া সংগ্ৰহ কৰিব পৰা নাই। তাৰোপৰি খলিহৈও যোগাৰ কৰিব পৰা নাই । সেয়েহে ভীষণ সমস্যাৰ সন্মুখীন হৈছো । ঘৰত মজুত থকা অলপ খলিহৈকে প্ৰয়োজনতকৈ কমকৈ পুখুৰীত ছতিয়াই দিছো।”
এইবাৰ অতিপাত খৰাং আৰু অনাবৃষ্টিৰ বাবে পুখুৰীত পানীৰ স্তৰ কমি যোৱাত আন এক সমস্যাৰ সন্মুখীন হোৱাৰ কথা সদৰী কৰি হাজৰিকাই কয়, “মুকুতা খেতিৰ বাবে শামুক পোহা পুখুৰীত অতি কমেও চাৰে তিনি ফুট উচ্চতাৰ জলস্তৰ থকাটো জৰুৰী । কিন্তু এইবাৰ জলস্তৰ কমি গৈ আঢ়ৈ ফুট হয়গৈ । সেয়েহে জলস্তৰ বৃদ্ধিৰ বাবে পাৱাৰ পাম্পৰে পুখুৰীত পানী যোগানৰ প্ৰয়োজন আছিল । তলাবন্ধৰ বাবেই পাৱাৰ পাম্প এটা কিনিব নোৱাৰাত ভীষণ সমস্যাত পৰিছো।”
উল্লেখ্য যে, নগাঁও জিলাৰ ধিং বেচামাৰীৰ যুৱক ৰুলেন হাজৰিকাই ধিং মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লোৱাৰ পিছত এক বিশেষ কাৰণত চৰকাৰী চাকৰিৰ প্ৰতি থকা মোহ ভংগ হোৱাত জীৱিকাৰ তাড়ণাতেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই প্ৰথম মুকুতাৰ খেতি আৰম্ভ কৰে। গাঁৱতেই থকা তেওঁৰ ৬ কঠা মাটি কালিৰ এটা পুখুৰীত আৰম্ভ কৰে মুকুতা খেতি। প্ৰায় দুবছৰ আগতে ৰুলেন হাজৰিকাই ইউটিউবত মাছৰ খেতিৰ বিষয়ে চাই থাকোঁতেই হঠাৎ চীনত মুকুতা খেতিৰ এটা ভিডিঅ’ দেখা পায় । কৌতূহল বশতঃ তেওঁ সেই ভিডিঅ’টো চোৱাত চীন দেশৰ মুকুতা খেতিৰ ভিডিঅ’টো অতি গুৰুত্ব সহকাৰে চায় আৰু অতি আচৰিত হৈ পৰে।কিন্তু সেই ভিডিঅ’টোৰ পৰা তেওঁ মুকুতা খেতিৰ বিষয়ে কিছু তথ্য আহৰণ কৰে। তাৰপাছত তেওঁ গুগলৰ তথ্যৰ জৰিয়তে জানিব পাৰে যে অকল চীনতেই নহয় বাংলাদেশ , ভিয়েটনাম, জাপান আদি দেশতো বৈজ্ঞানিক পদ্ধতিত মুকুতা খেতি কৰি আছে । মুকুতা খেতিৰ সন্দৰ্ভত হাজৰিকাই ইউটিউবত বাংলাদেশৰ যিটো ভিডিঅ’ চায় তাত দেখা কণখোলা প্ৰজাতিৰ শামুকটো অসমৰো খালে, বিলে, জলাশয়ে উভৈনদী ।
এই বিষয়ে তেওঁ নিশ্চিত হোৱাত তেওঁৰ মনত মুকুতা খেতিৰ বিষয়টোৱে উগুল-থুগুল কৰিবলৈ ধৰে। তেনে সময়তে তেওঁ ইউটিউবত চাৰ্চ কৰি ভাৰত বৰ্ষৰ ৰাজস্থান, কৰ্ণাটক, উড়িশা, ঝাৰখণ্ড আৰু পশ্চিম বংগতো ৫-৬বছৰ মানৰ পৰা মুকুতা খেতি কৰাৰ তথ্য আহৰণ কৰে। যিহেতু ভাৰত বৰ্ষৰ অন্য ৰাজ্যত মুকুতাৰ খেতি কৰা হৈছে গতিকে অসমতো শামুক পুহি মুকুতাৰ খেতি কৰিব পৰা যাব বুলি তেওঁ এই সন্দৰ্ভত প্ৰশিক্ষণ লবলৈ অসমৰ বাহিৰলৈ যায়। তেওঁ ঝাৰখণ্ডত লগ কৰে বিশিষ্ট গৱেষক তৰুণ শ্যামন্তক।তেখেত ঝাৰখণ্ড চৰকাৰৰ অধীনত মুকুতা গৱেষক হিচাপে কাম কৰি আছে । পশ্চিমবংগৰ নাগৰিক বিশিষ্ট বিজ্ঞানী তৰুণ শ্যামন্তৰ ওচৰত তেওঁ ঝাৰখণ্ডত এক প্ৰতিষ্ঠানত মুকুতা খেতিৰ সন্দৰ্ভত যাৱতীয় জ্ঞান আহৰণৰ বাবে এক দীঘলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰে। সেই প্ৰশিক্ষণ লোৱাৰ পাছত এক উদ্যমী মন লৈ ৰুলেন হাজৰিকা ঘৰলৈ ওভতি আহে আৰু অসমত প্ৰথম বাৰৰ বাবে মুকুতা খেতি আৰম্ভ কৰে।






























