কাগজ কলৰ কৰ্মচাৰীক বকেয়া দৰমহা আদায়ৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ 

nagaon paper mill
সুদীৰ্ঘ দিন বন্ধ হৈ থকা জাগীৰোড আৰু কাছাৰ কাগজকলৰ ১২ শ কৰ্মচাৰীক তেওঁলোকৰ প্ৰাপ্য বকেয়া দৰমহা দুটা পৰ্যায়ত আদায় দিবলৈ  দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে ৷ইয়াৰ উপৰি আন আৰ্জিত দৰমহা কেন্দ্ৰীয় চৰকাৰে কিয় আদায় নিদিব সেই বিষয়ে শীঘ্ৰে শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰক ন্যায়ালয়ি নিৰ্দেশ জাৰি কৰে ৷
উল্লেখ্য যে আৰ্জিত উক্ত দৰমহাৰ পৰিমাণ হ’ল কমেও তিনিশ কোটি টকা ৷ইপিনে দুটা পৰ্যায়ত আদায় দিবলৈ কোৱা বকেয়া দৰমহাৰ প্ৰথম পৰ্যায়ত কৰ্মচাৰীসকলৰ ভৱিষ্যতনিধি আয়ুক্তৰ হাতত জমা থকা ধন মোকলাই দিবলৈ কোৱা হৈছে ৷আয়ুক্তৰ হাতত জমা থকা  উক্ত ধনৰ পৰিমাণ হ’ল কমেও ৪২.৮ কোটি টকা ।
আনহাতে দ্বিতীয় পৰ্যায়ত যি ধন আদায় দিব লাগিব তাৰ কমেও ১৭০ কোটি টকা কে’বাটাও বেংকত জমা আছে ।এই বেংকবোৰৰ ভিতৰত আছে ইউকো,এইচ ডি এফ চি,আই চি আই চি আই ৷বেংকবোৰক উক্ত পৰিমাণৰ ধন অতি সোনকালে ভৱিষ্যতনিধি আয়ুক্তৰ হাতত জমা দিবলৈ নিৰ্দেশ দিয়া হয় ৷তাৰ পাছতে আয়ুক্তক সেই ধন কৰ্মচাৰীক দিবলৈ কোৱা হৈছে ৷
কৰ্মচাৰীসকলৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ত হিউমেন ৰাইটছ ল নেটৱৰ্ক নামৰ এটা মানৱ অধিকাৰ সংস্থাৰ প্ৰতিষ্ঠাপক তথা উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা কলিন গঞ্জালৱেচে দৰমহা আদায়ৰ অনুৰোধেৰে আবেদন দাখিল কৰিছিল ৷আনহাতে ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাইছে উদ্যোগ বচাওক,শ্ৰমিক বচাওক সমিতিয়ে ৷
সমিতিৰ মুখ্য আহ্বায়ক পংকজ দাস আৰু কাগজ কল দুটাৰ শ্ৰমিক কৰ্মচাৰী হকে যুঁজ দি অহা শ্ৰমিক নেতা বিবেক দাসে এই সন্দৰ্ভত কয় যে এটা পৰ্যায়ত শ্ৰমিক কৰ্মচাৰীসকলে ৰায়টোৰ জৰিয়তে ন্যায় লাভ কৰিলে ৷ কিন্তু ইয়াতে তেওঁলোকৰ যুঁজ সমাপ্ত নহয় ৷উদ্যোগ দুটাক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ চৰকাৰৰ তৎপৰতাৰ বিৰুদ্ধেও জয়লাভ কৰিব লাগিব বুলি তেওঁলোকে কয় ৷
Exit mobile version