কোৱাৰেন্টাইনত থকা সকলক ২৮ দিনৰ পৰ্যবেক্ষণত ৰখা হব:মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

IMG 20200425 WA0028

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন কেম্পত আজি দুপৰীয়া ১ মান বজাত উপস্থিত হয় স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা | কেম্পটোত উপস্থিত হৈ মন্ত্ৰী ড° শৰ্মাই কয় “আমি কোৱাৰেন্টাইন হৈ থকা লোক সকলক পৰ্যবেক্ষণত ৰাখিছো | আৰু ইয়াৰ প্ৰতিবেদন দিল্লী চৰকাৰক দিয়া হব | তাৰ পিছত দিল্লী চৰকাৰৰ নিৰ্দেশ মতে প্ৰতি গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ অন্তত অৰ্থাৎ ২৮ দিনৰ পিছত হে নিজ নিজ ঘৰত যাবলৈ দিয়া হব |”

উল্লেখযোগ্য যে বৰকান্দা কোৱাৰেন্টাইন কেম্পত বৰ্তমান কোৱাৰেন্টাইন হৈ আছে ৫ গৰাকী মহিলা সহ ৫২ গৰাকী কৈ লোক | ইয়াৰে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজহৈ বিলাসীপাৰাত অহা উত্তৰাখণ্ড ৰাজ্যৰ ৫ গৰাকী মহিলা সহ দহ গৰাকী তবলীগ জামাতি লোকক যোৱা ১ এপ্ৰিলত বৰকান্দাত কোৱাৰেন্টাইন কেম্পত ৰখা হৈছিল | তাৰ পিছতে ধুবুৰী জিলাৰ প্ৰথম গৰাকী কৰোনা আক্ৰান্ত হাজী জামালুদ্দিন, দ্বিতীয় গৰাকী কৰোনা আক্ৰান্ত ৰহিমুদ্দিন আৰু ৰছিদা বিবিৰ সংস্পৰ্শত অহা মুঠ ৪২ গৰাকী লোকক বৰকান্দাত কোৱাৰেন্টাইন কৰি ৰখা হৈছে |

আজি কোৱাৰেন্টাইন কেম্পটোত থকা লোক সকলৰ বুজ লবলৈ উপস্থিত হয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পিয়ুজ হাজৰিকা | কেম্পটোত থকা লোক সকলক অভয় বানী দি মন্ত্ৰী গৰাকীয়ে কয় “আপোনা লোকে শাৰীৰিক দুৰত্ব বজাই ৰাখি ইয়াতে থাকক, আপোনালোকৰ পৰ্যালোচনা আমি সদায়ে কৰি আছো | যিহেতু এইটো কেম্পৰ থকা বিলাসীপাৰাৰ কাঠালদি গাঁৱৰ মতিয়ৰ ৰহমান তৰফদাৰ(৬২)ৰ নমুনা ১৪ দিনত নিগেটিভ আহে যদিও ১৯ দিনত কৰা নমুনাৰ পৰীক্ষাত কভিড ১৯ পজিটিভ আহে | গতিকে প্ৰতি গৰাকী লোকক ২৮ দিনৰ বাবে ইয়াত থাকিব লাগিব | তাৰ পিছত আমি প্ৰতি গৰাকী লোকৰ নমুনা পৰীক্ষা কৰি নিগেটিভ পালে পৰ্যায় ক্ৰমে নিজ নিজ গৃহলৈ যাব দিম |” মন্ত্ৰী দ্বয়ৰ লগতে কেম্পটোত আজি বিলাসীপাৰা মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া, চিকিৎসক, স্বাস্থ্য কৰ্মী, ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত, আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে |

Exit mobile version