দেশব্যাপী অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ মাজতে আগন্তুক ৭২ ঘন্টাত ৰাজ্যৰ ইখন জিলাৰ পৰা সিখন জিলালৈ ৰাওনা হ’ব বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰায় ৭৩,৩০৩ জন লোক ৷ ইয়াৰে ৪১,৬৫১ জন লোকে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ সেৱাৰে যাত্ৰা কৰাৰ বিপৰীতে ৩১,৬৫৭ জন লোকে ব্যক্তিগত বাহনেৰে ৰাজ্যৰ ইখন জিলাৰ পৰা সিখন জিলালৈ ৰাওনা হ’ব ৷
এখন সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে তলাবন্ধৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলে আজিৰ পৰা তিনিদিনৰ কাৰণে বিভিন্ন জিলালৈ ৰাওনা হ’ব ।ইয়াৰ কাৰণে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰি আবেদন কৰিছিল ৫১,৪০২ জন লোকে। ইয়াৰে আবেদন নাকচ হয় ১৭,৭৪৫ জনৰ ৷ ৩১,৬৩৫ জন লোকে আজিৰ পৰা ৰাওনা হৈছে ৷একেদৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসেৱা গ্ৰহণৰ বাবে ৪১,৬৫১ জন লোকে ডায়েল ১০৪ ত ফোন কৰি যাত্ৰাৰ কাৰণে যোগাযোগ কৰিছে।
সংশ্লিষ্ট বাছসমূহ মহানগৰীৰ পাঁচ স্থানৰ পৰা বিভিন্ন জিলালৈ ৰাওনা হ’ব। পৰিবহন নিগমৰ নিৰ্দিষ্ট বাছসমূহ যোগাযোগ কৰিব পৰাকৈ আজিৰ পৰা আগন্তুক তিনিদিনৰ কাৰণে মহানগৰীৰ নিৰ্দিষ্ট ৰাজপথত এ এছ টি চিৰ ৩০ খন চিটী বাছ আৰু এশখন ওলা উবেৰ চলিব বুলিও স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।ইফালে আন্তঃজিলা বাছসেৱাৰ বাবে তলাবন্ধৰ নীতি নিৰ্দেশনা উলংঘা নকৰাকৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অসম ৰাজ্যিক পৰিবহন নিগমে ৷
অৱশ্যে ইয়াৰ কাৰণে যাত্ৰীসকলেও বাধ্যতামূলকভাৱে মানি চলিব লাগিব কেতবোৰ নীতি নিৰ্দেশনা। দৈনিক অগ্ৰদূতৰ আগত অসম ৰাজ্যিক পৰিবহন নিগমৰ সঞ্চলক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে তলাবন্ধৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলে যাতে নিজৰ নিজৰ গন্তব্য স্থানলৈ যাব পাৰে তাৰ কাৰণে আজিৰ পৰা আৰম্ভ হ’ব আন্তঃজিলা বাছ সেৱা ৷অৱশ্যে একেদিনাই এই কাৰ্য নহয়। সকলো যাত্ৰীয়ে আজিয়েই যাত্ৰা কৰিব নোৱাৰে। ডায়েল ১০৪ ৰ পৰা লাভ কৰা তালিকৰ আধাৰতে সংশ্লিষ্ট যাত্ৰীসকলৰ যাত্ৰাসূচী নিশ্চিত কৰা হৈছে।
সেইমৰ্মে সংশ্লিষ্ট যাত্ৰীসকলৰ পঞ্জীয়নকৃত মোবাইলত পৰিবহন নিগমৰ তৰফৰ পৰা স্বয়ংক্ৰিয়ভাৱে এটা বাৰ্তা প্ৰেৰণ কৰা হ’ব,য’ত যাত্ৰীজনৰ নামৰ লগতে যাত্ৰা কৰিবলগীয়া বাছৰ পঞ্জীয়ন নম্বৰ,যাত্ৰীজনে উঠা স্থানৰ উপৰি নামিবলগীয়া স্থানৰ নাম,যাত্ৰীজনৰ ক্ৰমিক নম্বৰ তথা আসন নম্বৰসহ সকলো থাকিব ৷যাত্ৰীসকলে যাত্ৰা কৰিবৰ আগদিনাই পঞ্জীয়নকৃত ম’বাইলত পৰিবহন নিগমৰ তৰফৰ পৰা স্বয়ংক্ৰিয়ভাৱে এটা বাৰ্তা প্ৰেৰণ কৰা হ’ব। নিজৰ নিজৰ পঞ্জীয়নকৃত ম’বাইলত যিসকলে এই বাৰ্তা লাভ নকৰিব,সেইসকলে নিজৰ ইচ্ছানুসৰি যাত্ৰা কৰিব নোৱাৰিব ৷
আনহাতে ২৬ আৰু ২৭ এপ্ৰিলত যাত্ৰা কৰিবলগীয়া যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰস্তুতি চলোৱা হৈছে ৷অৱশ্যে ৰাজ্য প্ৰশাসনৰ অনুমতি সাপেক্ষে এদিনৰ বাবে আন্তঃজিলা বাছসেৱা বৃদ্ধিৰো চিন্তা চৰ্চা কৰা হৈছে। উল্লেখযোগ্য যে যাত্ৰীসকলে যাত্ৰাৰ সময়ত মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰিলে যাত্ৰা বাতিল কৰা হ’ব ।যাত্ৰীসকলে য’তে ত’তে উঠা নমা কৰিব নোৱাৰিব ৷স্বাস্থ্য বিভাগৰ পৰা সেউজ সংকেত পোৱাৰ পিছতহে যাত্ৰীসকলে যাত্ৰা কৰিব পাৰিব ।প্ৰতিটো উঠা নমা কৰা স্থানত স্বাস্থ্যকৰ্মী,প্ৰশাসনৰ লোক থাকিব ৷
তেওঁলোকে যাত্ৰীসকলক তদাৰক কৰিব। যাত্ৰীয়ে নামিবলগীয়া স্থানৰ পৰা যদি গন্তব্যস্থান দূৰ হয় তেন্তে স্থানীয় জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগে সহায় কৰিব। বাছসমূহ বীজাণুমুক্ত কৰা হ’ব। ৰাজ্যৰ ৰেডজ’নৰ পৰা কোনো যাত্ৰী অন্য জিলালৈ যাব নোৱাৰিব । যদি কোনোৱে ৰেড জ’নৰ জিলালৈ যাব বিচাৰে তেন্তে তাৰ কাৰণেও নিৰ্দিষ্ট ঠাইত নমাৰ ব্যৱস্থা কৰা হৈছে বুলি জনায় তিৱাৰীয়ে ।ইপিনে ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা ৩৮০ জন ছাত্ৰছাত্ৰীক অসমলৈ আনিবৰ কাৰণে ১৮ খন শীতাতাপ নিয়ন্ত্ৰিত বাছৰ ব্যৱস্থা কৰা হৈছে। এই ছাত্ৰছাত্ৰীসকল ২৬ এপ্ৰিলত অসমত উপস্থিত হ’ব ৷
ADVERTISEMENT