সকলো ধৰণৰ সমাবেশ নিষিদ্ধ কৰা হৈছে উত্তৰ প্ৰদেশত

Yogi Adityanath
উত্তৰ প্ৰদেশত অহা ৩০ জুন পৰ্যন্ত সকলো ধৰণৰ সমাবেশ নিষিদ্ধ কৰা হৈছে । আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই কথা সদৰি কৰে। ৰাজ্য খনত ক’ভিড-১৯ ৰ সংক্ৰমণ হ্ৰাস নোহোৱাত উদ্বেগ বৃদ্ধি পাইছে ৷ ৰাজনৈতিক সভা আৰু সামাজিক উন্নয়নৰ দৰে বৃহৎ সমাবেশ এই নিৰ্দেশ অনুসৰি অনুষ্ঠিত কৰিব নোৱাৰিব। আদিত্যনাথৰ মিডিয়া উপদেষ্টা মৃত্যুঞ্জয় কুমাৰে টুইটাৰত কয়, “মুখ্যমন্ত্ৰী যোগী আদিত নাথে সকলো বিষয়াক কঠোৰ নিৰ্দেশ দিছে যাতে অহা ৩০ জুন পৰ্যন্ত কোনো ধৰণৰ সমাবেশ অনুষ্ঠিত নহয়। ৰাজ্যত কৰ’না সংক্ৰমণৰ স’তে মোকাবিলা কৰি থকা ১১ খন সমিতিৰ অধ্যক্ষসকলৰ স’তে বৈঠকৰ অন্তত আদিত্যনাথে এই সিদ্ধান্ত লয় ।
কেন্দ্ৰীয় চৰকাৰে আবাসিক অঞ্চলত দোকান-পোহাৰ পুনৰ মুকলি আজি কৰি দিয়াৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে এই কঠোৰতা অৱলম্বন কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত অৱশ্যে ৰাজ্যসমূহক পৰিস্থিতি অনুযায়ী ব্যৱস্থা ল’বলৈ কোৱা হৈছে ৷ তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ হটস্পট থকা অঞ্চলত প্ৰযোজ্য নহয়। উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলক হটস্পট ৰূপে চিনাক কৰা হৈছে। লক্ষ্ণৌৰ উপায়ুক্তই কয় যে তলাবন্ধৰ কালত কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহ’ব ৷ তদুপৰি দিল্লী আৰু অসমে কয় যে পৰিস্থিতিৰ পুনৰীক্ষণ নকৰাকৈ দোকান পোহাৰ মুকলি কৰা নহ’ব।
Exit mobile version