ৰাজ্যৰ ছখন জিলাত অস্বাভাৱিক হাৰত গাহৰি মৃত্যু : অনিৰ্দিষ্ট কাললৈ গাহৰি কিনা – বেচা বন্ধ

ৰাজ্যৰ ছখন জিলাত অস্বাভাৱিক হাৰত গাহৰি মৃত্যু : অনিৰ্দিষ্ট কাললৈ গাহৰি কিনা – বেচা বন্ধ নমুনা সংগ্ৰহ কৰি ভূপাললৈ প্ৰেৰণ :সংবাদমেলত সদৰী কৰে মন্ত্ৰী অতুল বৰাই
০ পশুধন মন্ত্ৰী অতুল বৰাৰ সংবাদমেল
০ৰাজ্যৰ ছখন জিলাত  অস্বাভাৱিক হাৰত মৃত্যু গাহৰি |
০ যোৱা দিনকেইটাত ধেমাজী, লক্ষীমপুৰ, ডিব্ৰুগড়,  শিৱসাগৰ,  যোৰহাট,  বিশ্বনাথ জিলাত মৃত্যুৰ গাহৰিৰ সংখ্যা ১৯৬৪ টা |
০ প্ৰতিখন জিলালৈ পাঁচজনীয়া চিকিৎসকৰ দল প্ৰেৰণ কৰি নমুনা সংগ্ৰহ |
০ এন ই আৰ ডি জি এল আৰু পশু চিকিৎসা মহাবিদ্যালয়ৰ লেবটৰিত সম্পন্ন নমুনা পৰীক্ষা |
০ এতিয়াও নিশ্চিত হোৱা নাই ফলাফল |
০ ফলাফল নিশ্চিত কৰিবলৈ ভোপাললৈ প্ৰেৰণ কৰা হব নমুনা |
০ বিদেশী বীজাণুৰ সংক্ৰমণ মৃত্যুৰ কাৰণ বুলি সন্দেহ কৰা হৈছে |
০ সকলো জিলাৰ গাহৰিক স্বৱাইন ফ্লৰ প্ৰতিষেধক দিয়া হৈছে আৰু বহু সুস্থ হৈ উঠিছে |
০ গাম্য অৰ্থনীতি সবল কৰাত গাহৰি ফ্ৰামে উল্লেখিত ভূমিকা গ্ৰহণ কৰি আহিছে |
০ ইতিমধ্যে বহি:ৰাজ্যৰ পৰা আমদানি বন্ধ কৰি দিয়া হৈছে |
০ প্ৰতিখন জিলাত অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে |
০ সৰ্বাধিক গাহৰিৰ মৃত্যু হৈছে শিৱসাগৰত |
০ এই সন্দৰ্ভত ৰাজ্য মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হৈছে |
০ পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত ৰাজ্যত অনিৰ্দিষ্ট কাললৈ গাহৰি কিনা – বেচা বন্ধ |
Exit mobile version