০ দেওবাৰে পশুধন মন্ত্ৰী অতুল বৰাৰ সংবাদমেল
০ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত সংবাদমেল সম্বোধন |
০ ৰাজ্যৰ ছখন জিলাত অস্বাভাৱিক হাৰত জ্বৰ সদৃশ অচীন ৰোগত মৃত্যু হৈছে গাহৰি |
০ যোৱা দিনকেইটাত ধেমাজী, লক্ষীমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, বিশ্বনাথ জিলাত কে’বা শতাধিক গাহৰিৰ মৃত্যু |
০ সংক্ৰমণ ৰোধ কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে পৰিকল্পনা যুগুত |
০ প্ৰতিখন জিলাত ডি ডি চিৰ অধ্যক্ষতাত এই সংক্ৰান্তত সমিতি গঠনৰ নিৰ্দেশ |
০ সংক্ৰমণ ৰোধ কৰাৰ সন্দৰ্ভত পশু চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞানীৰ লগত আলোচনা |
০ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা শনিবাৰে কে’তবোৰ নিৰ্দেশনা দিয়া হৈছে |
০ কেৱল ধেমাজী, লক্ষীমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, বিশ্বনাথ জিলাতহে গাহৰি কিনা-বেচা, মাংস বিক্ৰী বন্ধ কৰা হৈছে |
০ গাহৰিৰ খাদ্য বিক্ৰী বন্ধ কৰা নাই কিন্তু এখন ফ্ৰামৰ পৰা অন্য ফ্ৰামলৈ নিয়া বন্ধ কৰা হৈছে |
০ সমগ্ৰ ৰাজ্যত চি এছ এফ প্ৰতিষেধক ক্ষীপ্ৰতাৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে |
০গাহৰিৰ নমুনা সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে |
০ ৰাজ্যৰ তিনিটা পৰীক্ষাগাৰত কেৱল ১০০ নমুনাহে পৰীক্ষা কৰাৰ সুবিধা আছে এই সংক্ৰান্তত স্বাস্থ্য বিভাগৰ স’তে আলোচনা কৰা হৈছে |
০ বনৰীয়া গাহৰিলৈ এই বীজাণু সংক্ৰমণৰ অধিক আশংকা কৰি সংশ্লিষ্ট অঞ্চলসমূহত সতৰ্কতা আৰু তীক্ষ্ণ নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে |
০ বিশেষকৈ কাজিৰঙা আৰু লাওখোৱাৰ উপৰি অন্যান্য বনাঞ্চলত বহু বনৰীয়া গাহৰি আছে যিবোৰ ঘৰচীয়া গাহৰিৰ সংস্পৰ্শলৈ আহে |
০ বীজাণু সংক্ৰমণ যাতে সম্প্ৰসাৰিত হব নোৱাৰে কাজিৰঙাৰ ওচৰ-পাজৰ গাঁওসমূত সতৰ্কতা অবলম্বন কৰা হৈছে |