বিশ্ব ভ্ৰমণ শেষ কৰিহে কৰ’নাৰ ধ্বংসলীলা গম পালে দম্পতীয়ে

Screenshot 20200427 205443

একঘেয়ামিৰে ভৰা জীৱনটোৱে যেন মাত্ৰাধিকভাৱে বিৰক্ত কৰি তুলিছিল ৰায়ান অ’ছবাৰ্ণ আৰু এলিনা মেনহেটিক।অফিচ আৰু ঘৰ ,এই নিদিৰ্ষ্ট গণ্ডীৰ ভিতৰত দিনৰ পাছত দিন পাৰ কৰি যেন উশাহ বন্ধ হোৱাৰ উপক্ৰম ঘটিছিল দুয়োৰে ।সেয়ে এদিন ঠিক কৰিলে ,চাকৰি এৰি দুয়ো পতি-পত্নী ওলাই যাব বিশ্ব ভ্ৰমণলৈ ।

কিন্তু এই ভ্ৰমণৰ মাজতে যে সমগ্ৰ পৃথিৱীখনেই সলনি হৈ পৰিব ,সেয়া তেওঁলোকে সপোনতো ভবা নাছিল।আটলাণ্টিক মহাসাগৰত নৌকা ভ্ৰমণ সম্পূৰ্ণ কৰিহে তেওঁলোকে গম পালে যে ইতিমধ্যে ন’ভেল কৰ’না ভাইৰাছে সমগ্ৰ পৃথিৱীতে ধংশলীলা চলাইছে য’ত তেওঁলোকৰো বহু পৰিচিতই চিৰকাললৈ বিদায় লৈছে ।ৰায়ান অ’ছবাৰ্ণ আৰু এলিনা মেনহেটি দুয়োৰে আছে ভ্ৰমণৰ নিচা।বান্ধোনৰ মাজত বেছি দিন কটাবলৈ পছন্দ নকৰে ।

সেয়ে এদিন দুয়ো ঠিক কৰিলে ,চাকৰি ত্যাগ কৰি দুয়ো ওলাই যাব বিশ্ব ভ্ৰমণলৈ ।এখন সৰু নাও ক্ৰয় কৰি ৰায়ান আৰু এলিনা ওলাই গৈছিল বিশ্ব ভ্ৰমণলৈ।কিন্ত আটলাণ্টিক মহাসাগৰৰ মাজত জনশূন্য অৱস্থাৰে প্ৰায় দুমাহ কটোৱাৰ সময়ত তেওঁলোকে ভূ কে নাপালে যে পৃথিৱীখনত ইয়াৰ মাজতে প্ৰলয় সদৃশ কাণ্ড ঘটিছে।কৰ’না প্ৰলয়ে এফালৰ পৰা বুৰাই নিছে সকলোকে ।

কৰ’না নামৰ ভাইৰাছে যে সমগ্ৰ বিশ্বতে তাণ্ডৱ চলাই আছে ,সেই কথা তেওঁলোকে ইমানদিনে গমেই পোৱা নাছিল ।মানচেষ্টাৰৰ বাসিন্দা ৰায়ান আৰু এলিনাই কেৰিবিয়ান দ্বীপপুঞ্জৰ এটা সৰু বন্দৰত উপস্থিত হোৱাৰ পাছতহে কৰ’না ভাইৰাছৰ তাণ্ডৱৰ বিষয়ে অৱগত হয়।

কাৰণ ভ্ৰমণৰ সময়ত তেওঁলোকৰ এজনেও নিজৰ পৰিয়াল বা ঘনিষ্ঠজনৰ স’তে যোগাযোগ কৰা নাছিল।ফেব্ৰুৱাৰীৰ  প্ৰথম ভাগতে বিশ্ব ভ্ৰমণলৈ ওলাই যোৱাৰ পাছৰে পৰা তেওঁলোক সমগ্ৰ পৃথিৱীৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ আছিল।কেৱল অনন্ত জলাধাৰত ভাহি দুয়ো পৰস্পৰৰ মাজতে বিলীন হৈ আছিল।উল্লেখ্য যে এলিনাৰ প্ৰকৃত ঘৰ ইটালীৰ লম্বাৰ্ডি চহৰ ।

সেই অঞ্চলতে কৰ’নাৰ প্ৰভাৱ দেশখনৰ ভিতৰত সৰ্বাধিক আছিল যাৰবাবে তেওঁৰ বহু পৰিচিত লোকৰো ইতিমধ্যে মৃত্যু ঘটিছে ।উল্লেখ্য যে ৰায়ান আৰু এলিনাই ২০১৭ তে বিশ্ব ভ্ৰমণৰ সিদ্ধান্ত লৈ চাকৰি ত্যাগ কৰিছিল।তাৰ পাছত দুয়ো ভ্ৰমণৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি যোৱা ফেব্ৰুৱাৰীত ইচ্ছাপূৰণৰ বাবে ওলাই গৈছিল।

 

Exit mobile version