তলাবন্ধৰ ফলত বহিঃৰাজ্যত আবদ্ধ হৈ থকা বাবে অসমৰ লোকসকলক পৰ্য্যায়ক্ৰমে ঘূৰাই আনিবলৈ ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিঙৰ অধ্যক্ষতাত এখন ছজনীয়া সমিতি গঠন কৰা হৈছে। ক’ভিড-১৯ বিষয়ক ৰাজ্যিক পৰ্য্যায়ৰ ক্ষমতাসম্পন্ন সমিতি সিদ্ধান্ত এক নিৰ্দেশনাযোগে ৰাজ্যৰ মুখ্য সচিবে এই কথা প্ৰকাশ কৰিছে |
কি আছে নিৰ্দেশনাটোত-
০ ছজনীয়া সমিতিখনত ন’ডেল অফিচাৰ হিচাপে এডিজিপি জি পি সিং আৰু বিকল্প ন’ডেল অফিচাৰৰূপে এডিজিপি হৰমীত সিঙ , অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ চি ই অ’ এম এছ মনিভান্নান, এ এছ টি চিৰ পৰিচালন সঞ্চালক এ পি তিৱাৰী, এন এইচ এমৰ পৰিচালন সঞ্চালক ডঃ লক্ষ্মণন এছ আৰু পৰিবহণ আয়ুক্ত আদিল খান।
০সমিতিখনে বহিঃৰাজ্যত আবদ্ধ শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থীকে ধৰি সকলোকে ঘূৰাই অনাৰ ক্ষেত্ৰত নিয়মাৱলী (SoP) নিৰ্ধাৰণ কৰিব।
০ অসমৰ ভিতৰত এই লোকসকলৰ যাতায়াতৰ বাবে পৰিবহণ বিভাগে এ এছ টি চিৰ সহযোগত বাছৰ যোগাৰ কৰিব আৰু এন এইচ এমে ইয়াৰ ব্যয় বহন কৰিব।
০ ক’ভিড-১৯ বিষয়ক ৰাজ্যিক পৰ্য্যায়ৰ ক্ষমতাসম্পন্ন সমিতিয়ে ৰাজ্যৰ কিতাপৰ বিপণীসমূহ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ১০ বজাৰ পৰা বিয়লি পাঁচ বজালৈকে খোলাৰ অনুমতি ।
ADVERTISEMENT