দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণলৈ লক্ষ্য ৰাখি তলাবন্ধৰ ম্যাদ ৪ ৰ পৰা ১৭ মে’লৈ বৃদ্ধি কৰিলে কেন্দ্ৰই। এই সময়ত জনসাধাৰণৰ সুবিধাৰ্থে কিছুমান নীতি নিৰ্দেশনাৰ তালিকা আগবঢ়াইছে কেন্দ্ৰই । অৱশ্যে এই নিৰ্দেশনা সীমিত জিলাতহে কাৰ্যকৰী কৰা হব ।তলাবন্ধৰ সমান্তৰালকৈ দেশত সুৰাৰ বিপনীসমূহ খুলি দিয়াৰ নিৰ্দেশ জাৰি কৰিছে গৃহ মন্ত্ৰ্যালয়ে । এই নিৰ্দেশনাত কোৱা হৈছে যে গ্ৰীণ জ’নত ৰাজ্যত সুৰা তথা পান দোকানসমূহ মুকলি কৰা হ’ব। এই দোকানসমূহ এখনৰ পৰা আনখনৰ মাজত ছফুট দূৰত্ব থাকিব লাগিব ৷
আনহাতে দোকানসমূহত পাঁচজনকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷ চৰকাৰৰ এই পদক্ষেপক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ সংগীত পৰিচালক,প্ৰযোজক জাভেদ আখতাৰে। তেওঁ এক টুইটৰ যোগে লিখে”তলাবন্ধৰ সময়ত সুৰা বিপনি খোলাৰ ফল ভূগিব লাগিব দেশবাসীয়ে ৷এই সময়ত ঘৰুৱা হিংসাৰ পৰিমাণ বৃদ্ধি পাইছে ।গতিকে সুৰাপায়ীসকলৰ পৰিয়ালত মহিলা আৰু শিশুসকলৰ ক্ষেত্ৰত পৰিস্থিতি ভয়াৱহ হৈ উঠিব।” ।অৱশ্যে জাভেদ আখতাৰৰ এই প্ৰতিক্ৰিয়াক কোনোৱে আদৰি লৈছে আৰু কোনোৱে সমালোচনা কৰিছে।

আনহাতে ইয়াৰ পূৰ্ৱে জাভেদ আখতাৰে কৰ’না ভাইৰাছক লৈ এটি ভিডিঅ নিৰ্মাণ কৰি দেশবাসীলৈ আগবঢ়াইছিল। ভিডিঅ’টিত তেওঁ দেশবাসীক কৰ’না ভাইৰাছৰ বিৰুদ্ধে সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনাইছিল ৷ লগতে কৰ’না ভাইৰাছৰ চিকিৎসাত ব্যস্ত হৈ থকা চিকিৎসক,স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছিল। উল্লেখযোগ্য যে এই পৰ্যন্ত দেশত কৰ’না ভাইৰাছত প্ৰায় ৩৩হেজাৰ লোকৰ আক্ৰান্ত হৈছে ।ইতিমধ্যে কৰ’নাৰ কাৰণে দিয়া তলাবন্ধই প্ৰভাৱ পেলাইছে দেশৰ আৰ্থিক অৱস্থাত ৷
লগতে প্ৰভাৱ পেলাইছে মনোৰঞ্জন জগততো। কাৰণ কৰ’না ভাইৰাছৰ যাতে সংক্ৰমণ নহয় তাৰ কাৰণে বলীউডৰ তাৰকা মহাতাৰকা সকলৰ ছবিসমূহৰ দৃশ্য গ্ৰহণ বাতিল কৰা হৈছে। গতিকে সকলো চলচ্চিত্ৰ প্ৰেমীয়ে পৰিস্থিতি স্বাভাৱিক হৈ নিজৰ মন পছন্দৰ অভিনেতা অভিনেত্ৰীসকলক ৰূপালী পৰ্দাত চাবলৈ আশাৰে বাট চাই আছে।
ADVERTISEMENT