চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত সেনাৰ বেণ্ড প্ৰদৰ্শন

CHIRANG2
চিৰাং জিলা সদৰ জে এচ বি অসামৰিক চিকিৎসালয়ত কৰ’না আক্ৰান্তৰ সেৱাত দিনে নিশাই ব্ৰতী হৈ থকা সকলৰ প্ৰতি সেনাই বেণ্ড প্ৰদৰ্শন কৰে । আজি দেওবাৰে ভাৰতীয় সেনাৰ ৫ম গাৰোৱাল ৰাইফলচৰ তৰফৰ পৰা জে এচ বি অসামৰিক চিকিৎসালয়ত প্ৰদৰ্শন কৰে বেণ্ড । সেনাৰ এই বেণ্ড প্ৰদৰ্শনৰ উদ্দেশ্য হৈছে কৰ’না মহামাৰীৰ পৰা দেশ বাসীক ৰক্ষাৰ বাবে দিনে নিশাই কাম কৰি যোৱা স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তা সকলক উৎসাহিত কৰা ।
সেনাৰ এই পদক্ষেপৰ শলাগ লয় জে এচ বি অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডা° মনোজ কুমাৰ দাসে । চিকিৎসালয় খনৰ ৰোগী চিকিৎসক সকলোৱে সেনাৰ বেণ্ড উপভোগ কৰে । সেনাৰ এই বেণ্ড প্ৰদৰ্শনক স্বাস্থ‍্য বিভাগৰ কৰ্মী সকলে শলাগ লয়। সেনাই যিদৰে সীমান্তত দিনে নিশাই কৰ্তব‍্যত থাকি নিৰাপত্তা দিয়ে, একেদৰে এই দুৰ্যোগৰ সময়ত কৰ’না মহামাৰীৰ পৰা দেশবাসীক ৰক্ষাৰ বাবে স্বাস্থ‍্যখণ্ডৰ লোক সকলে দিনে নিশাই সেৱা আগবঢ়াই গৈছে।
Exit mobile version